নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িতৰ অভিযোগত মণিপুৰত ৪ আৰক্ষীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰঃ দেওবাৰে মণিপুৰৰ এটা ঘৰত উদ্ধাৰ হয় ৩৪ টা কেটামিন ইঞ্জেকশ্বনৰ বটল । এই ঘটনাৰ সৈতে ৪ আৰক্ষী জড়িত থকাৰ অভিযোগত মণিপুৰ আৰক্ষী থানাৰ ৪ জন আৰক্ষীক নিলম্বন তথা গ্ৰেপ্তাৰ কৰা হৈছে । ইতিমধ্যে ধৃত নিলম্বিত আৰক্ষী বিষয়াকেইজনৰক ওপৰত এটা গোচৰ ৰুজু কৰা হৈছে । উল্লেখ্য যে মণিপুৰ আৰক্ষীৰ প্ৰতিষ্ঠা দিৱসত এই ৪ আৰক্ষীয়ে কৰ্মৰত আৰক্ষী থানাখনক সৰ্বশ্ৰেষ্ঠ আৰক্ষী থানাৰ সন্মান প্ৰদান কৰা হৈছিল । কিন্তু দেওবাৰে হোৱা এই ঘটনাৰ পাছতে সমগ্ৰ মণিপুৰতে এই ঘটনাই চাঞ্চল্য বিৰাজ কৰিছে ।

You might also like