ত্ৰিপুৰাত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২ জনলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ শুকুৰবাৰে ত্ৰিপুৰাত আৰু এজন লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ আহিছে । ৩২ বছৰীয়া লোকজন মধ্যপ্ৰদেশৰ । কিন্তু কৰ্মসূত্ৰে তেওঁ ত্ৰিপুৰাত থাকে বুলি জানিব পৰা গৈছে। এই কথা প্ৰকাশ কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে ।
উল্লেখ্য যে কিছুদিন পূৰ্বে আন এগৰাকী লোক ক’ৰোনাত আক্ৰান্ত হৈছিল । সেই আক্ৰান্ত মহিলাগৰাকীৰ সৈতে ৩২ বছৰীয়া লোকজনে একেলগে ৰে’ল যাত্ৰা কৰা বুলিও জানিব পৰা গৈছে ।
ইয়াৰ লগে লগে ৰাজ্যখনত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২ জনলৈ বৃদ্ধি পালে ।
One more #COVID19 positive case in Tripura has been confirmed, taking the total number to 2; the patient is 32 years old man from Madhya Pradesh and currently staying at Damcherra & had travelled along with the last COVID19 positive patient in train: Tripura CM Biplab Kumar Deb pic.twitter.com/YIljoHLmpy
— ANI (@ANI) April 10, 2020