ভাৰতৰ বিকাশ–ইঞ্জিন হোৱাৰ পূর্ণ সম্ভাৱনা আছে উত্তৰ–পূর্বাঞ্চলৰ
নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ দশক দশক ধৰি চলি থকা অসমৰ হিংসাত্মক পৰিস্থিতিৰ অৱসান ঘটিছে৷ এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ পানী যোগান প্রকল্পৰ আধাৰশিলা ভিডি’ কনফাৰেঞ্চযোগে স্থাপন কৰি প্রধানমন্ত্রী মোদীয়ে অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ পূর্বৰ স্থিতিৰ তুলনাৰে আজিৰ স্থিতিক লৈ মন্তব্য কৰে৷ সমগ্র অঞ্চলটিত সম্প্রতি শান্তি স্থাপন হোৱা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ভাৰতৰ বিকাশ ইঞ্জিন হোৱাৰ পূর্ণ সম্ভাৱনা আছে উত্তৰ–পূর্বাঞ্চল৷ অসমত হিংসাত্মক যুগৰ অৱসান ঘটা বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ মণিপুৰত অৱৰোধৰ ঘটনা ইতিহাসৰ এক অংশ হৈ পৰিছে বুলি কয়৷
ত্রিপুৰা আৰু মিজোৰামৰ যুৱকসকলে হিংসাৰ পথ পৰিহাৰ কৰি মূলসুঁতিলৈ উভতি অহা বুলি উল্লেখ কৰাৰ লগতে শাসনত প্রধানমন্ত্রী মোদীয়ে ব্রু–ৰিয়াং শৰণার্থীসকলৰ জীৱন সঠিক দিশে আগবাঢ়িছে বুলি কয়৷ উত্তৰ–পূর্বাঞ্চলৰ যোগাযোগ কেন্দ্রীয় চৰকাৰে অহৰহ উন্নত কৰাৰ পদক্ষেপৰ প্রসংগৰে প্রধানমন্ত্রীগৰাকীয়্ কয় যে অঞ্চলটোৰ ঘাইপথ, ৰে’লপথ আৰু বিমানবন্দৰৰ উন্নতিকৰণৰ কাম কৰি থকা হৈছে৷ ন’ভেল ক’ৰোনা ভাইৰাছৰ সংকটৰ সময়তো দেশত যে কাম বন্ধ হৈ পৰা নাই তাৰেই উদাহৰণ মণিপুৰত পানী যোগান প্রকল্পৰ আধাৰশিলা স্থাপন৷ মহামাৰী ক’ভিড–১৯ৰ ভেকচিন উদ্ভাৱন নোহোৱালৈকে দেশে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে কঠোৰ যুঁজৰ সমান্তৰালকৈ পূর্ণ শক্তিৰে বিকাশৰ কাম কৰি যাব লাগিব বুলিও কয় প্রধানমন্ত্রীগৰাকীয়্৷
উল্লেখ্য যে মণিপুৰৰ ১৬ জিলাৰ ২.৮০ সহস্রাধিক পৰিয়ালক সামৰি ১৭ সহস্রাধিক গ্রামাঞ্চলত এই পানী প্রকল্পৰে ঘৰে ঘৰে পানী যোগান ধৰা হ’ব৷ প্রকল্পটোৰ ব্যয় হ’ব ৩০৫৪.৫৮ কোটি টকা আৰু নিউ ডেভেলপমেণ্ট বেংকে ইয়াৰ বাবে ঋণ প্রদান কৰিছে৷