মেঘালয়ত পুনৰ ২ জন লোক ক’ৰোনাত আক্ৰান্ত
নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ মেঘালয়ত ক’ৰোনাত আক্ৰান্ত হৈছে আন ২ গৰাকী লোক । এই আক্ৰান্ত লোক দুজনো মৃত চিকিৎসকজনৰ পৰিয়ালৰ বুলি জানিব পৰা গৈছে । যাৰ পাছতে এতিয়া মেঘালয়ত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি পাইছে । টুইটযোগে এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী কনৰাদ চাংমাই ।
উল্লেখ্য যে মেঘালয়ৰ বেথনী হাস্পতালত কৰ্মৰত চিকিৎসকজন আছিল ৰাজ্যখনত প্ৰথমগৰাকী ক’ৰোনাত আক্ৰান্ত ৰোগী ।
2 more cases have tested positive. Both are family members of the first patient.
— Conrad Sangma (@SangmaConrad) April 16, 2020