মেঘালয়ৰ তিনি বিধানসভাৰ সমষ্টিত বলিছে উপনিৰ্বাচনৰ গৰম বতাহ
৪৭ নং ৰাজাৱালা সমষ্টি দখলৰ বাবে এনপিপি দলৰ প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰী কনৰেড এ চাংমাৰ নিৰ্বাচনী সভা
নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰ : অসম-উত্তৰপূৰ্বাঞ্চলকে ধৰি দেশৰ কেবাখনো ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়তো অহা ৩০ অক্টোবৰ তাৰিখে তিনিখনকৈ বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত উপনিৰ্বাচন। ৰাজ্যখনৰ বিশেষকৈ কংগ্ৰেছৰ দখলত থকা ৪৭ নং ৰাজাৱালা বিধানসভা সমষ্টি এন পি পি চৰকাৰৰ দখলত আনিবলৈ উঠিপৰি লাগিছে ৰাজ্যখনৰ এন পি পি চৰকাৰৰ মুখ্যমন্ত্ৰী কনৰাড এ চাংমা। প্ৰাক্তন মন্ত্ৰী আবু ছালেক দলীয় টিকট প্ৰদান কৰাৰ পাছত প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰত নামিল মুখ্যমন্ত্ৰী গৰাকী।
শনিবাৰে বিয়লি প্ৰায় চাৰি বজাত সমষ্টিখনৰ পুৰনি ভাইটবাৰী হাইস্কুল খেল পথাৰত অনুষ্ঠিত হয় এন পি পি দলৰ এক বিশাল নিৰ্বাচনী সভা। প্ৰায় ১০ সহস্ৰাধিক লোকৰ সমাগম হোৱা এই নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী গৰাকী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে কেবাগৰাকী দলীয় বিধায়ক তথা দলৰ কেন্দ্ৰীয় জেষ্ঠ নেতা সকল উপস্থিত থাকে। এই নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী চাংমা ভাষণ প্ৰসংগত কয় দিল্লী তথা মেঘালয় কংগ্ৰেছত এতিয়া অধিনায়ক নাই। অধিনায়ক অৰ্থাত চালক নথকা বাছত কোনোবা উঠিবনে বুলি নিৰ্বাচনী সভাত উপস্থিত থকা লোকক মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰশ্ন কৰি তেওঁ নিজে চালক নথকা গাড়ীত কেতিয়াও নুঠে বুলি প্ৰকাশ কৰে। একেদৰে দেশত লাহে লাহে কংগ্ৰেছৰ অস্তিত্ব নাইকীয়া হবলৈ গৈ আছে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰি কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰে।
ইফালে মুখ্যমন্ত্ৰী গৰাকী নিৰ্বাচনী সভাত উপস্থিত ৰাইজৰ সহয়োগত এন পি পি জিন্দাবাদ, কনৰেড চাংমা জিন্দাবাদ, আবু ছালে জিন্দাবাদ ধনি দি ধ্বনি দি এইদৰে নিৰ্বাচনী সভাৰ ভাষণ আৰম্ভ কৰে। পূৰ্বৰ চৰকাৰৰ দিনত মেঘালয়ত উগ্ৰপন্থীকে ধৰি বিভিন্ন অপৰাধমুলক কাম কাজ হোৱাত অনা গাৰো লোকে হাৰাশাস্তি পাই আহিছিল বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণত এইদৰে মন্তব্য কৰি এন পি পি চৰকাৰ ৰাজ্যখনত শান্তি ঘুৰাই অনা বুলি প্ৰকাশ কৰে। মেঘালয়ত শান্তি বজাই ৰাখিবলৈ হলে এন পি পিক ভোট দিব লাগিব বুলিও মুখ্যমন্ত্ৰী গৰাকী ৰাইজক আহ্বান জনায়।
মন কৰিবলগীয়া বিষয় এয়া যে মাত্ৰ তিনি বছৰত মেঘালয়ত এন পি পি চৰকাৰে যিখিনি কাম কৰিছে মুকুল চাংমাৰ কংগ্ৰেছ চৰকাৰে বিগত ৭ বছৰে তাৰ আধা কাম কৰিব পৰা নাছিল বুলিও মুখ্যমন্ত্ৰী গৰাকী কংগ্ৰেছক কঠোৰ সমালোচনা কৰে।
আনহাতে এই নিৰ্বাচনী সভাৰ অন্তত মুখ্যমন্ত্ৰী গৰাকী এইদৰে সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে সমষ্টিটোৰ প্ৰাৰ্থী আবু ছালেও সাংবাদিকৰ সৈতে মত বিনিময় কৰে।