নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ ঢালিগাঁৱৰ লক্ষ্মী মন্দিৰৰ সমিপত গো মাংস উদ্ধাৰ; আৰক্ষীৰ তদন্ত আৰম্ভ 

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ: চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত এংকৰবাৰীস্থিত এটা লক্ষ্মী মন্দিৰৰ সমিপত গো মাংস উদ্ধাৰক লৈ দেওবাৰে অঞ্চলটোত চেপা উত্তেজনাৰ সৃষ্টি হয়। গো মাংস উদ্ধাৰৰ খবৰ লাভ কৰা মাত্ৰেই ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে আৰক্ষী বাহিনী লক্ষ্মী মন্দিৰৰ চৌহদ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে পৰিত্যক্ত অৱস্থাত এটা পলিথ বেগত কিছু সতেজ কটা মাংস উদ্ধাৰ কৰে।

একাংশ স্থানীয় লোকে বিশ্বজিৎ ৰায় ওৰফে কাছু নামৰ যুৱক জনে মাংসৰ টোপোলাটো আনি পূব এংকৰবাৰী লক্ষ্মী মন্দিৰ চৌহদৰ পৰা কিছু নিলগত থকা বাঁহনী এডৰাত পেলাই থৈ যায় বুলি আৰক্ষীক জনায় । স্থানীয় একাংশ লোকে বিশ্বজিৎ ৰায় ওৰফে কাছুই অঞ্চলটোত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ উদ্দেশ্য লক্ষ্মী মন্দিৰৰ চৌহদত গো মাংস ৰখাৰ বাবে অনা বুলি দাবী কৰাৰ বিপৰীতে ঢালিগাঁও আৰক্ষীয়ে বিভিন্ন আসামিজ কামত লিপ্ত যুৱক জনে নিজে ভক্ষণ কৰাৰ বাবে গো মাংস খিনি আনিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে।

এগৰাকী মহিলা আৰু এজন ব্যক্তিয়ে বিশ্বজিৎ ৰায় ওৰফে কাছুক হাতত কিহৰ টোপোলা আনিছা বুলি প্ৰশ্ন কৰাত মাছ অনা বুলিহে উত্তৰ দিছিল। পিছ মুহূৰ্ততে বাঁহনীডৰাত টোপোলাটো পেলাই থৈ যোৱা বাবে অঞ্চলটোৰ বাসিন্দা সকলে দাবী জনাইছে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ উদ্দেশ্য টোপোলাটো আনিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে। ঢালিগাঁও আৰক্ষীয়ে ইতিমধ্যে এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখাৰ লগতে মাংস খিনি পৰীক্ষাৰ বাবে ফৰেনচিক লবৰেটৰীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। পলাতক বিশ্বজিৎ ৰায় ওৰফে কাছুক আটক কৰাৰ পাছত প্ৰকৃত ঘটনা পোহৰলৈ আহিব বুলি অঞ্চলটোৰ বাসিন্দা সকলে আশা প্ৰকাশ কৰিছে।

উল্লেখ্য যে প্ৰতি বছৰে দুৰ্গা পূজাৰ আগে-পিছে এটা চক্ৰই বৃহত্তৰ অঞ্চলটোত এইধৰণৰ কু কাৰ্য কৰিবলৈ প্ৰচেষ্টা চলোৱা দেখা যায়। স্থানীয় বাসিন্দা সকলৰ সচেতনতাৰ বাবে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা সকল বিফল হৈ আহিছে।।

Input: বিপুল কুমাৰ দাস, কাজলগাঁও

You might also like