🔹 পৰিস্থিতি পর্যালোচনাৰ পিছতে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ নির্দেশ
নিউজ ডেস্ক, ২ মার্চ : মণিপুৰৰ সকলো পথ আগন্তুক ৮ মার্চৰ পৰা মুকলি হ’ব লাগিব৷ ৰাজ্যখনত ৮ মার্চৰ পৰা সকলো পথতে যাতে সাধাৰণ মানুহে বিনাবাধাই চলাচল কৰিব পাৰে সেই বিষয়টোত গুৰুত্ব দিবলৈ নির্দেশ দিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ কালি মণিপুৰৰ নিৰাপত্তা আৰু আইন–শৃংখলা পৰিস্থিতিক লৈ পর্যালোচনা বৈঠকৰ পিছতে এই নির্দেশ দিয়ে কেন্দ্রীয় গৃহমন্ত্রীয়ে৷ কোনোবাই পথ অৱৰোধ কৰাৰ চেষ্টা কৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰো নির্দেশ দিছে অমিত শ্বাহে৷ স্মর্তব্য যে উত্তৰ–পূবৰ এই ৰাজ্যখনত ৰাষ্ট্রপতি শাসন জাৰি হোৱাৰ পিছত প্রথমবাৰলৈ পর্যালোচনা বৈঠকৰ আয়োজন কৰিলে কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে৷ বৈঠকত লুট হোৱা চৰকাৰী অস্ত্র আৰু অবৈধ অস্ত্র উদ্ধাৰৰ ওপৰত গুৰুত্ব প্রদান কৰা হয়৷ মণিপুৰত ডেৰ বছৰতকৈ অধিক কাল চলা হিংসাৰ ঘটনাত আঢ়ৈ শতাধিক লোকে প্রাণ হেৰুৱাইছে৷ এই অৱস্থাত ৰাজ্যখনলৈ শান্তি ওভতাই অনাৰ বাবে কি কৰণীয় তাক লৈ বৈঠক অনুষ্ঠিত কৰে কেন্দ্রীয় গৃহ মন্ত্রণালয়ে৷ এই বৈঠকত উপস্থিত আছিল মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা আৰু চৰকাৰী উচ্চপদস্থ বিষয়াসকল৷ ইয়াৰ উপৰি সেনা আৰু অর্ধসেনাৰ শীর্ষ বিষয়াসকলো উপস্থিত আছিল বৈঠকত৷ সংবাদ সংস্থাৰ সূত্রই জনোৱা অনুসৰি, আগন্তুক ৮ মার্চৰ পৰা ৰাজ্যখনৰ সকলো পথত যাতায়াত সুচল কৰি তুলিবলৈ গৃহমন্ত্রী অমিত শ্বাহে নির্দেশ দিছে৷ এইক্ষেত্রত যিকোনো কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈও প্রশাসনক নির্দেশ দিছে শ্বাহে৷