অৰুণাচলৰ চাংলাঙত সেনা-আৰক্ষীৰ অভিযানত NSCN-KYA শিবিৰ উৎখাত; জব্দ বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ নিৰাপত্তাৰক্ষীয়ে শনিবাৰে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত নিষিদ্ধ ঘোষিত সংগঠন এনএছচিএন-কেৱাইএ এটা শিবিৰ উৎখাত কৰে। লগতে বিদ্ৰোহী শিবিৰটোৰ পৰা বহু বিস্ফোৰক সামগ্ৰীৰ সৈতে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰে।
উল্লেখ্য যে ভাৰতীয় সেনাৰ ১৪ নং ৰাজপুত ৰেজিমেণ্ট আৰু অৰুণাচল প্ৰদেশ আৰক্ষীয়ে যুটীয়াভাৱে এই অভিযান চলাইছিল।
ইপিনে এই অভিযানকালত নিৰাপত্তা বাহিনীয়ে ৫০ ৰাউণ্ড সজীৱ গুলী, ৬টা ডিটোনেটৰ, তিনিটা প্লাষ্টিক বিস্ফোৰক, সন্দেহজনক বিস্ফোৰক পাউডাৰ আৰু এটা একে-৪৭ ৰাইফল জব্দ কৰিছিল।
Army, police bust NSCN-KYA camp in Arunachal Pradesh’s Changlang, recover arms, ammunition
Read @ANI Story | https://t.co/GTyjBGzZn1#ArunachalPradesh #ARMY pic.twitter.com/zOOLUAg2av
— ANI Digital (@ani_digital) March 20, 2022