অৰুণাচলত এদিনত সর্বাধিক ৯১জনৰ দেহত ক’ভিড
নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ সম্পূর্ণ লকডাউন সত্ত্বেও অৰুণাচল প্রদেশৰ ইটানগৰ কেপিটেল কমপ্লেক্স এলেকাত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ কালি পাহাৰীয়া ৰাজ্যখনত এটা দিনত সর্বাধিক ৯১জন ব্যক্তিৰ ক’ভিড–১৯ পজিটিভ পোৱা গৈছে আৰু মুঠ আক্রান্তৰ সংখ্যা ৯৪৯লৈ বৃদ্ধি পাইছে৷ পূর্বে ২০ জুলাইৰ দিনা ৯০জন ক’ভিড–১৯ত আক্রান্ত চিনাক্ত হৈছিল৷
লকডাউন সত্ত্বেও ইটানগৰ কেপিটেল কমপ্লেক্স এলেকাত কালি ৩১জন ব্যক্তি ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ অন্যান্যকেইজনৰ ভিতৰত ১৫জন পূব চিয়াং, ১৩জন টিৰাপ, ১০জন পশ্চিম চিয়াং, ৭জন নামচাই, ৩জনকৈ পাপুমপাৰে, লংডিং আৰু নামনি দিবাং ভেলী, দুজনকৈ উজনি চিয়াং, পশ্চিম কামেং, এজনকৈ নামনি চিয়াং আৰু কামলে জিলাৰ বুলি অৰুণাচল প্রদেশৰ ষ্টেট ছাৰভিলিয়িন্স বিষয়া ডাঃ এল জাম্পাই জনাইছে৷ কেপিটেল কমপ্লেক্স এলেকাৰ ইটানগৰ, নাহৰলগুন, নিৰজুলি আৰু বান্দৰদেৱাত মুঠ ৩৭৮জন আক্রান্ত হৈছে৷ চুবুৰীয়া ৰাজ্যখনত এতিয়ালৈকে ৯৪৯জন ক’ভিড–১৯ত আক্রান্ত হৈছে৷