নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলৰ খুনছাত ভয়ংকৰ ঘটনাঃ নিৰাপত্তাৰক্ষীক হত্যা কৰি জেলৰ পৰা অস্ত্ৰ লৈ পলায়ন দুই এন এছ চি এন কেডাৰৰ

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চ: কালি বিয়লি অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ অন্তৰ্গত খুনছাত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। এই ঘটনাত খুনছা চহৰত অৱস্থিত জেলৰ পৰা দুজন এন এছ চি এনৰ নিকী চুমী গোটৰ কেডাৰে এগৰাকী পহৰাদাৰীক গুলিয়াই জেলৰ পৰা পলায়ন কৰা ঘটনাই ৰাজ্যখনৰ লগতে সীমামূৰীয়া অসমৰ ডিব্ৰুগড় জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষী সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি কালি বিয়লি প্ৰায় ৫ বজাত ৰকছেন সমচা লৱাঙ আৰু টিতপু কিৎন্যা নামৰ এই কেডাৰ দুগৰাকীয়ে উক্ত সময়ত পহৰাদাৰৰ দায়িত্বত থকা ফাৰ্ষ্ট আই আৰ বি এন খুনছাৰ কনিষ্টবল ৱাংনিৱাম বচাইৰ পৰা তেওঁৰ এ কে ৪৭ ত ৰাইফল কাঢ়ি লৈ তেওঁৰ পেটলৈ লক্ষ্য কৰি নিৰ্বিচাৰ গুলিবৰ্ষণ কৰাৰ লগতে ৰাইফলটো লৈ জেলৰ পৰা পলায়ন কৰে।

উল্লেখযোগ্য যে আঘাতপ্ৰাপ্ত কনিষ্টবল গৰাকীক জেল কৰ্তৃপক্ষই অসমৰ ডিব্রুগড়স্থ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও আদবাটতে কনিষ্টবল গৰাকীৰ মৃত্যু ঘটে। প্ৰণিধানযোগ্য যে জেলৰ পৰা পলায়ন কৰা তথা তিৰাপ জিলাৰ বৰডুৰিয়া অঞ্চলৰ ৰকছেন সমচা লৱাঙ নামৰ এন এছ চি এন কেডাৰ গৰাকী এক হত্যাকাণ্ডৰ গোচৰত জেলখনত কাৰাদণ্ডিত হৈ থকাৰ লগতে আৰু খাৰচাং অঞ্চলৰ টিতপু কিৎন্যা নামৰ কেডাৰ গৰাকীয়ে কোনো এক গোচৰত বিচাৰাধীন কয়দী ৰূপে জেল খাটি আছিল।

ইতিমধ্যে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰাৰ লগতে তিৰাপ জিলাৰ আৰক্ষী অধীক্ষক আৰু খুনছা স্থিত অসম ৰাইফলৰ ৬ নং বেটেলিয়নৰ কমাণ্ডিঙ অফিচাৰৰ নেতৃত্বত পলাতক অপৰাধী কেইজনক আটক কৰিবলৈ তীব্ৰ অভিযান আৰম্ভ কৰিছে যদিও বাতৰি প্ৰেৰণ কৰাৰ পৰলৈকে অপৰাধী দ্বয়ৰ কোনো শুংসূত্ৰ উলিয়াবলৈ নিৰাপত্তা বাহিনী সক্ষম হোৱা নাই।

You might also like