নিয়মীয়া বাৰ্তা, ২৯ নবেম্বৰঃ CABক লৈ ৰাজ্য প্ৰতিবাদমুখৰ হৈ থকাৰ সময়তে আজিৰে পৰা নতুন দিল্লীত অমিত শ্বাহৰ নেতৃত্বত গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকলৈ আমন্ত্ৰিত উত্তৰ-পূৱৰ ৮খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজনৈতিক দল-সংগঠন আৰু নাগৰিক সমাজৰ প্ৰতিনিধি।CABক লৈ কেৱল অসমেই নহয়, উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যই উত্তাল হৈ আছে। তেনেস্থলত অসম তথা উত্তৰ-পূবৰ প্ৰতিনিধি সকলৰ মতামত লৈ এক সমাধান সূত্ৰ উলিওবাৰ অৰ্থে বৈঠকখন অনুষ্ঠিত হৈছে বুলি এক সূত্ৰত প্ৰকাশ পাইছে। ৩০ নৱেম্বৰ অৰ্থাৎ কাইলৈ অসমৰ প্ৰতিনিধিৰে বৈঠকত বহিব অমিত শ্বাহ। আনহাতে ৩ ডিচেম্বৰত আছু নেতৃত্বৰে বৈঠকত মিলিত হ’ব গৃহমন্ত্ৰীগৰাকী।