নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড -১৯ ত আক্ৰান্ত মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিং

নিয়মীয়া বাৰ্তা, ১৫ নবেম্বৰঃ দেওবাৰে মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিং কোভিড -১৯ ত আক্ৰান্ত হয়।

এক টুইটযোগে তেওঁ লিখে, “মোৰ ক’ভিড-১৯ পৰীক্ষাৰ ৰিপৰ্ট পজিটিভ আহিছে। যিসকল লোকে যোৱা কিছুদিন ধৰি মোৰ সংস্পর্শলৈ আহিছিল সকলোকে অনুৰোধ, নিজকে আইছ’লেট কৰি ক’ভিড পৰীক্ষা কৰাওক।”

উল্লেখ্য যে মণিপুৰত বিগত ২৪ ঘণ্টাত ৫ জন লোক ক’ভিডত আক্ৰান্ত হৈ মৃত্যুৰ খবৰ পোৱা গৈছে। যাৰ পাছতে মুঠ মৃত্যুৰ সংখ্যা ২১৮ জনলৈ বৃদ্ধি পায়।

আনহাতে,  এই পর্যন্ত ৰাজ্যখনত মুঠ ক’ভিড-১৯ ত ২১,৬৩৬ জনলৈ বৃদ্ধি পাইছে।

You might also like