আপাৰ সোৱণশিৰি জিলাৰ পৰা মাত্র ১৫ কিলোমিটাৰ নিলগত ৪.৫ লাখ কোটিৰ সোণ–ৰূপসহ মূল্যৱান ধাতুৰ সন্ধান
নিয়মীয়া বাৰ্তা , ২৭ জুলাই: বাৰম্বাৰ আগ্রাসনেৰে ভাৰত ভূমিত দখল সাব্যস্ত কৰিব বিচৰা ৰঙা চীনে অৰুণাচল প্রদেশৰ ভূ–গর্ভত থকা বিশাল স্বর্ণ ভাণ্ডাৰ কব্জা কৰাৰ অভিসন্ধি পৰিত্যাগ কৰা নাই৷ বৰঞ্চ ইয়াৰ বাবেই নিজৰ মানচিত্রত ‘দক্ষিণ তিব্বত’ ৰূপে অভিহিত উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যখন দখল কৰিবলৈ দীর্ঘ সময় ধৰি ড্রেগন বাহিনীয়ে সীমান্তত ব্যাপক সামৰিক তৎপৰতা অব্যাহত ৰাখিছে৷ অৰুণাচল প্রদেশৰ ভূ–গর্ভত যে অকল লক্ষ লক্ষ কোটি টকাৰ সোণেই আছে তেনে নহয়, ৰূপ আৰু বহু মূল্যৱান ধাতু–খনিজ সম্পদ থকাৰ বিষয়টোত ইতিমধ্যে নিশ্চিত হৈছে চীন৷ যাৰ কাৰণে দক্ষিণ চীন সাগৰৰ দৰে অৰুণাচল প্রদেশো নিজৰ দখললৈ নি সোণ–ৰূপসহ মূল্যৱান খনিজ সম্পদসমূহ আহৰণৰ লক্ষ্যৰে বেইজিঙে ধাৰাবাহিক চক্রান্তত লিপ্ত হৈ আহিছে৷ পৰিণতিত অৰুণাচল প্রদেশ ভাৰত–চীনৰ বাবে কার্যতঃ ‘বিবদমান’ ক্ষেত্রলৈ পর্যবসিত হৈছে৷ খোদ চীনৰ চৰকাৰী দস্তাবেজত সন্নিৱিষ্ট তথ্য মতে অৰুণাচল প্রদেশ সংলগ্ণ ভাৰত–চীন সীমান্তৱর্তী লাঞ্জে কাউণ্টিত ৩৯,০০০ কোটি য়েন অর্থাৎ ৪.৫ লাখ কোটি টকাৰ স্বর্ণ ভাণ্ডাৰৰ সন্ধানত প্রাৰম্ভিকভাৱে ২০১৮ চনৰ পৰাই খনন কার্য চলাই আছে৷ ড্রেগন বাহিনীয়ে খনন কার্য চলোৱা তিব্বতীয় গাঁওখনৰ নাম হ’ল য়ুলমেদ (চীনা ভাষাত য়ুমেই)৷ এই গাঁওখন অৰুণাচল প্রদেশৰ আপাৰ সোৱণশিৰি জিলাৰ পৰা চীনৰ দিশে মাত্র প্রায় ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত৷ ২০১৮ চনৰ ২০ মে’ত প্রথমবাৰৰ বাবে এই খনন কার্যৰ বাতৰি প্রকাশ পোৱাৰ লগে লগে ভাৰতত তীব্র আলোড়নৰ সৃষ্টি হৈছিল৷ সেই সময়ত চীনে চৰকাৰীভাৱেও অৰুণাচল প্রদেশ সংলগ্ণ সীমান্তত সোণ–ৰূপসহ মূল্যৱান খনিজ সম্পদৰ সন্ধানত খনন কার্য চলোৱাৰ কথা স্বীকাৰ কৰিছিল৷ উক্ত বর্ষৰ ২১ মে’ৰ দিনা এখন সংবাদ মেল সম্বোধন কৰি চীনৰ বৈদেশিক মন্ত্রালয়ৰ তদানীন্তন মুখপাত্র লু কাঙে আনুষ্ঠানিকভাৱে স্বীকাৰ কৰিছিল এই কথা৷ ইফালে জি’লজিকেল ছার্ভে অফ ইণ্ডিয়া (জিএছআই)ৰ ভূ–বিজ্ঞানীসকলৰ মতে, অৰুণাচল প্রদেশ সীমান্তৱর্তী অঞ্চলৰ ভূগর্ভত কেৱল ৪.৫ লাখ কোটি টকাৰ স্বর্ণ ভাণ্ডাৰ নহয়, তাতোকৈ কেইবাগুণ বেছি সোণ–ৰূপসহ মূল্যৱান ধাতু সঞ্চিত হৈ আছে৷ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)তকৈও বেছি পৰিমাণৰ মহামূল্যৱান খনিজ সম্পদ নিহিত হৈ আছে অৰুণাচল প্রদেশৰ সীমান্তৱর্তী অঞ্চলত৷ উল্লেখ্য যে এই মুহূর্তত ভাৰতৰ জিডিপি হৈছে প্রায় ২২৫ লাখ কোটি টকা৷ বাস্তৱত চীনে প্রাৰম্ভিকভাৱে সীমান্তৱর্তী লাঞ্জে কাউণ্টিত কেৱল এটা নির্দিষ্ট অঞ্চলত খননকার্য চলাই আছে য’ত প্রায় ৪.৫ লাখ কোটি টকাৰ সোণৰ ভাণ্ডাৰ নিহিত হৈ আছে৷ কিন্তু কোনো সন্দেহ নাই চীনৰ এই খনন প্রকল্প কেৱল ৪.৫ লাখ কোটি টকীয়া সোণৰ ভাণ্ডাৰক কেন্দ্র কৰি নহয়, সমগ্র অৰুণাচল প্রদেশৰ ভূগর্ভত সঞ্চিত খনিজ সম্পদৰ ওপৰত চীনৰ দৃষ্টি নিবদ্ধ হৈ আছে৷ লক্ষণীভাৱে ২০১৭ চনত ৭৩ দিনীয়া ডোকলাম বিবাদৰ ঠিক পাছতেই চীনে লাঞ্জে কাউণ্টিত এই খনন প্রকল্পৰ কাম আৰম্ভ কৰিছিল৷ বেইজিংস্থিত চীন ভূ–বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধ্যাপক জেং ই্যয়ে দেশখনৰ সংবাদ মাধ্যমক স্পষ্টকৈ জনাইছে যে লাঞ্জেত চলি থকা খনন প্রকল্পৰ সৈতে ‘দক্ষিণ তিব্বত’ অর্থাৎ অৰুণাচল প্রদেশৰ পোনপটীয়া সম্পর্ক আছে৷ দক্ষিণ চীন সাগৰত কৃত্রিম দ্বীপ স্থাপন কৰি চীনে যেনেদৰে সাগৰখনৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিছে, ঠিক তেনেদৰেই অৰুণাচল প্রদেশ সীমান্তত হিমালয়ৰ গর্ভত খনন কার্য চলাই সমগ্র অৰুণাচল প্রদেশৰ ওপৰত চীনে অধিকাৰ সাব্যস্ত কৰিব৷ ই্যয়েৰ তাৎপর্যপূর্ণ বক্তব্য– আজিৰ পৰা দহ বছৰ আগতে কোনেও কল্পনা কৰিব পৰা নাছিল যে দক্ষিণ চীন সাগৰত চীনে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব৷ ঠিক তেনেদৰেই অৰুণাচল প্রদেশতো খনন কার্য চলাই চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে কোনেও নভবাকৈ ‘দক্ষিণ তিব্বত’ নিজৰ দখললৈ আনিব৷ বাস্তৱত অৰুণাচল প্রদেশ সীমান্তত খনন কার্য চলোৱাৰ উদ্দেশ্যে যোৱা চাৰি–পাঁচ বছৰ ধৰি লাঞ্জে কাউণ্টিত চীনে ব্যাপক নির্মাণকার্য চলাই আহিছিল৷ দুর্গম পার্বত্য অঞ্চলটোত সুৰংগ–ৰাস্তা আদি নির্মাণৰ কাম দেশখনে ইতিমধ্যে সম্পন্নও কৰিছে৷ আনকি যোৱা দুই বছৰত অৰুণাচল প্রদেশ সীমান্তৱর্তী লাঞ্জে কাউণ্টিত জনবসতিও লক্ষণীয়ভাৱে বৃদ্ধি পাইছে৷ দৈনিক হাজাৰ হাজাৰ টনৰ আকৰিক অৰুণাচল প্রদেশ সীমান্তৰ পৰা ড্রাকেৰে কঢ়িয়াই নিয়াৰ কথা লাঞ্জেবাসীয়ে চীনৰ সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে৷ কোৱা হৈছে যে যোৱা দুই বছৰত লাঞ্জে কাউণ্টি চৰকাৰে সংগ্রহ কৰা কৰৰ ৮০ শতাংশই আহিছে খনন প্রকল্পৰ পৰা৷ অতি উদ্বেগজনক বিষয়টো হৈছে ৰাজহুৱাভাৱে এই সকলো তথ্য উপলব্ধ থকা সত্ত্বেও নতুন দিল্লীয়ে এইক্ষেত্রত এক নির্বিকাৰ ভূমিকা পালন কৰি আছে৷ বাস্তৱত অৰুণাচল প্রদেশ সীমান্তত চীনৰ এই দুৰভিসন্ধিক লৈ চলিত বছৰৰ বাজেট অধিৱেশনত লোকসভাৰ মজিয়াত প্রশ্ণও উত্থাপিত হৈছিল৷ পিছে কেন্দ্রীয় বৈদেশিক দপ্তৰৰ ৰাজ্যিক মন্ত্রী ভি মুৰলীধৰণে যোৱা ১৮ মার্চত সদনৰ মজিয়াত এইক্ষেত্রত যি বিবৃতি প্রদান কৰিছিল, সেয়া আছিল যথেষ্ট হতাশাজনক৷ অৰুণাচল প্রদেশ সীমান্তৰ কথা এৰাই গৈ মুৰলীধৰণে কেৱল জনাইছিল যে অৰুণাচল প্রদেশৰ ভিতৰত চীনে হেনো কোনো ধৰণৰ খনন কার্য চলাই থকা নাই৷ বৈদেশিক দপ্তৰৰ ৰাজ্যিক মন্ত্রীজনৰ মতে, ভাৰতৰ নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা চৰকাৰে সংশ্লিষ্ট সকলো কার্যকলাপৰ ওপৰত দৃষ্টি ৰাখি থকা হৈছে তথা দেশৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে সকলো পদক্ষেপ গ্রহণ কৰি আছে৷ কিন্তু পৰিতাপৰ বিষয়টো হৈছে মুৰলীধৰণে যেতিয়া এই বিবৃতি প্রদান কৰিছিল সম্ভৱতঃ তেতিয়া চীনে লাডাখ সীমান্তত আগ্রাসন চলাই আছিল আৰু নতুন দিল্লীয়ে তাৰ কোনো উমানে পোৱা নাছিল৷ ইপিনে অৰুণাচল প্রদেশ সীমান্তত চীনে সোণৰ খনন কার্য চলাই থকাৰ বাতৰি সংবাদ মাধ্যমত প্রকাশ পোৱাৰ পিছতেই ২০১৯ চনৰ মে’ মাহত অৰুণাচল প্রদেশ চৰকাৰে ৰাজ্যখনত সঞ্চিত হৈ থকা মূল্যৱান খনিজ সম্পদ আহৰণৰ সম্ভাৱনা সন্দর্ভত জি এছ আইক আনুষ্ঠানিকভাৱে আহ্বান জনাইছিল৷ উক্ত বর্ষৰ ১৪ মে’ত ৰাজ্যখনৰ ভূ–বিজ্ঞান আৰু খনন বিভাগে জি এছ আইৰ শীর্ষ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হৈছিল৷ অৰুণাচল প্রদেশৰ ভূ–বিজ্ঞান আৰু খনন বিভাগৰ সচিব বিডল তেয়েঙে খোদ এই কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছিল৷ সীমান্তত চীনে সোণৰ খনন কার্য চলাই থকাৰ কথা বিবেচনা কৰি অৰুণাচল প্রদেশ চৰকাৰে জি এছ আইকো খনন কার্য চলাবলৈ প্রস্তাৱ দাঙি ধৰিছিল৷ পিছে উক্ত প্রস্তাৱ আগবঢ়োৱাৰ এবছৰ পিছতো কেন্দ্রীয় চৰকাৰ কিম্বা জি এছ আয়ে আজিকোপতি কোনোধৰণৰ পদক্ষেপ কিম্বা জৰীপ চলোৱাৰ কামেই আৰম্ভ নকৰিলে৷ জি এছ আইৰ উত্তৰ–পূর্বাঞ্চলৰ অধ্যক্ষ জয়ন্ত নায়েকে খোদ এইক্ষেত্রত নিজৰ অজ্ঞতাৰ কথা দাঙি ধৰে৷ এই প্রতিবেদকক টেলিফোনত তেওঁ কেৱল জনায় যে অৰুণাচল প্রদেশৰ খনন কার্যক লৈ এতিয়ালৈকে প্রশাসনিক কোনো সিদ্ধান্ত গ্রহণ কৰা হোৱা নাই৷