নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়ত ৫ হাজাৰতকৈ অধিক শিশু ক’ভিডত আক্রান্ত, মৃত্যু ১৭জনৰ

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ দেশত ক’ভিডত আক্রান্ততকৈ সুস্থ হোৱা লোকৰ সংখ্যা অধিক হৈ আছে৷ বিগত ৩৬ দিন ধৰি এদিনত আক্রান্তৰ সংখ্যা সুস্থ হোৱা লোকৰ সংখ্যাতকৈ কম৷ ১১ দিন ধৰি ধাৰাবাহিকভাৱে দেশজুৰি আক্রান্তৰ সংখ্যা এক লাখৰ তলত আছে৷ যোৱা ২৪ ঘণ্টাত ৬২,৪৮০জন আক্রান্ত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ৮৮,৯৭৭জন লোক৷ দেশত আক্রান্তৰ সংখ্যা ২.৯৮ কোটিৰ অধিক হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ২.৮৫ কোটিৰ অধিক৷

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা তথ্য অনুসৰি বর্তমান দেশত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৭.৯৮ লাখ৷ অর্থাৎ ৮ লাখৰ তলত আছে সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা৷ দেশৰ মুঠ আক্রান্তৰ ২.৭৮ শতাংশ লোক বর্তমান ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে৷

ইপিনে যোৱা ২৪ ঘণ্টাত ১,৫৮৭জনৰ মৃত্যু ঘটিছে৷ প্রায় এমাহৰ মূৰত মৃত্যু হোৱা লোকৰ সংখ্যা দুহাজাৰৰ তললৈ অৱনমিত হৈছে৷ যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটা ১,৫৮৭জনক লৈ মুঠ মৃতকৰ সংখ্যা ৩,৮৩,৪৯০জনলৈ বৃদ্ধি পাইছে৷

মন কৰিবলগীয়া যে ক’ভিড–১৯ত আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষস্থানত থকা মহাৰাষ্ট্রত বর্তমানেও আক্রান্তৰ সংখ্যাৰে শীর্ষত আছে৷ ইয়াৰ পাছতেই এদিনত আক্রান্তত কর্ণাটক, কেৰালা, তামিলনাডু আৰু অন্ধ্রপ্রদেশ আছে৷ আই চি এম আৰৰ তথ্য মতে আজিলৈকে দেশজুৰি ৩৮,৭১,৬৭,৬৯৬জনৰ নমুনাৰ ক’ভিড পৰীক্ষা কৰা হৈছে৷

আনপিনে ২৬,৮৯,৬০,৩৯৯ ক’ভিড ভেকচিন দেশজুৰি প্রদান কৰা হৈছে৷ গুৰুত্বপূর্ণ যে উত্তৰ–পূবৰ ৰাজ্য মেঘালয়ত ৫ সহস্রাধিক শিশু ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ৰাজ্যখনৰ স্বাস্থ্য বিভাগে প্রকাশ কৰা মতে, ১৪ বছৰ অনূর্ধ্বৰ ৫,১০১জন শিশু ক’ভিড পজিটিভ হৈছে৷ ইয়াৰ ভিতৰত ৪,৩৪৪জন সুস্থ হৈ উঠিছে আৰু ১৭জনৰ মৃত্যু ঘটিছে৷ বাকীকেইজন এতিয়াও চিকিৎসালয়তে আছে৷

ইপিনে দেশৰ ৰাজধানী নতুন দিল্লীত আনলক বলৱৎ কৰাৰ পাছতে বজাৰকে ধৰি বিভিন্ন স্থানত নাগৰিকে ক’ভিড–১৯ প্রট’কল ভংগ কৰাক লৈ দিল্লী উচ্চ ন্যায়ালয়ে উদ্বিগ্ণতা প্রকাশ কৰিছে৷ দিল্লীবাসীয়ে যদি এনেদৰে ক’ভিড–১৯ প্রট’কল উলংঘন কৰি থাকে, তেতিয়াহ’লে ক’ৰোনা মহামাৰীৰ তৃতীয় জোৱাৰ তীব্রতৰ হৈ উঠিব বুলি সকীয়নি দিয়ে দিল্লী উচ্চ ন্যায়ালয়ে৷

ন্যায়াধীশ নবীন চাওলা আৰু আশা মেননৰ বিচাৰপীঠে এই সন্দর্ভত কেন্দ্র আৰু দিল্লী চৰকাৰক কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷

You might also like