মাজনিশা মণিপুৰত ভূমিকম্প, আতংকিত মণিপুৰী বাসিন্দা
ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ২.৫ আৰু ৫.২
মাজনিশা মণিপুৰত ভূমিকম্প, আতংকিত মণিপুৰী বাসিন্দা
নিউজ ডেস্ক, ২৮ মে’ : আজি মণিপুৰত দুটাকৈ ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়। ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ২.৫ আৰু ৫.২ আছিছিল। কঁপনি অনুভৱ কৰি মানুহ ভীতিগ্ৰস্ত হৈ পৰিছিল।
ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (এন চি এছ)ৰ তথ্য অনুসৰি আজি পুৱা ১:৫৪ বজাত (ভাৰতীয় সময় অনুসৰি) মণিপুৰৰ চুৰাচান্দপুৰ জিলাত ৫.২ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়। ইয়াৰ কিছু সময়ৰ পাছতে দ্বিতীয়বাৰৰ বাবে মণিপুৰত ভূমিকম্পৰ কম্পন অনুভৱ হয়।
ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (এন চি এছ)ৰ তথ্য অনুসৰি মণিপুৰৰ নোনি জিলাত পুৱা ২:২৬ বজাত (ভাৰত সময় অনুসৰি ২.৫ প্ৰাবল্যৰ মৃদু ভূমিকম্প) সংঘটিত হয়। এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু নোনি জিলাত ২৪.৫৩ উত্তৰ অক্ষাংশ আৰু ৯৩.৫০ পূব দ্ৰাঘিমাংশত, ২৫ কিলোমিটাৰ গভীৰতাত। কিন্তু এই ভূমিকম্পৰ ফলত প্ৰাণ-সামগ্ৰী হেৰুৱাৰ কোনো খবৰ পোৱা নাই। কিন্তু একেৰাহে দুটাকৈ ভূমিকম্পৰ বাবে মণিপুৰৰ মানুহ আতংকিত হৈ পৰিছে।
ইয়াৰ পূৰ্বে ৮ মে’ৰ নিশা ১০:১১ বজাত (ভাৰত সময় অনুসৰি) ৩.৬ প্ৰাবল্যৰ ভূমিকম্পই মণিপুৰৰ চাণ্ডেল জিলাত আঘাত হানিছিল। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল ২৪.১৯ উত্তৰ অক্ষাংশ আৰু ৯৩.৯৬ পূব দ্ৰাঘিমাংশ, যাৰ গভীৰতা ১০ কিলোমিটাৰ। এই ভূমিকম্পৰ তীব্ৰ তীব্ৰতা মৃদু আছিল আৰু স্থানীয় অঞ্চলত অনুভৱ কৰা হৈছিল যদিও কোনো বৃহৎ ক্ষতি বা প্ৰাণ হেৰুৱাৰ কোনো খবৰ নাই। ৪ অক্টোবৰতো মণিপুৰ-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত ভূমিকম্প অনুভৱ কৰা হৈছিল। বিষয়াসকলে জনাইছিল যে ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৩.৬ আছিল।
মণিপুৰৰ সীমা ম্যানমাৰৰ সৈতে ভাগ কৰা হৈছে। শেহতীয়াকৈ ম্যানমাৰত এক ভয়াৱহ ভূমিকম্পৰ ফলত বহু লোকে প্ৰাণ হেৰুৱাইছিল।