নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী নিযুক্তিৰ পৰীক্ষাত অন্তর্ভুক্ত নহ’ল মণিপুৰী ভাষা

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ অসম চৰকাৰৰ সংশোধিত ভাষা আইন–২০১৯মর্মে অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত আৰু সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা তথা বিভিন্ন চৰকাৰী চাকৰিৰ নিযুক্তিৰ পৰীক্ষাত অসমীয়া, বড়ো তথা বাংলাৰ উপৰি মণিপুৰী ভাষাতো উত্তীর্ণ হোৱাটো বাধ্যতামূলক নকৰাত তীব্র অসন্তুষ্টি প্রকাশ কৰিছে সদৌ অসম মণিপুৰী ছাত্র সন্থাই (আমছু)৷ আজি গুৱাহাটীত এখন সংবাদ মেলত আমছুৰ উপদেষ্টা মণিবাবু সিংহই কয়, অসম চৰকাৰৰ সংশোধিত ভাষা আইন–২০১৯মর্মে অসম লোকসেৱা আয়োগকে ধৰি বিভিন্ন চৰকাৰী চাকৰিৰ নিযুক্তিৰ পৰীক্ষাত কেৱল অসমীয়া, বড়ো আৰু বাংলা ভাষাৰ যিকোনো এটা ভাষাৰ জ্ঞান থকা বা যিকোনো এটা ভাষাৰ বিষয়ত উত্তীর্ণ হোৱাটো বাধ্যতামূলক কৰা হৈছে৷

কিন্তু মণিপুৰী ভাষাটো ইয়াত অন্তর্ভুক্ত নকৰাত বিশেষকৈ বৰাক উপত্যকাৰ মণিপুৰীভাষী শিক্ষিত নিবনুৱা যুৱক–যুৱতীসকল চৰকাৰৰ বিভিন্ন পদত আবেদন কৰাৰ পৰা বঞ্চিত হ’ব৷ সেয়ে অসমীয়া, বড়ো আৰু বাংলা ভাষাৰ উপৰি মণিপুৰী ভাষাকো অন্তর্ভুক্ত কৰি বৰাক উপত্যকাৰ মণিপুৰীভাষী শিক্ষিত নিবনুৱা যুৱক–যুৱতীসকলক্ চৰকাৰৰ বিভিন্ন পদত আবেদন কৰাৰ সুযোগ প্রদান কৰিব লাগে৷

সংবাদ মেলত মণিবাবু সিংহই লগতে কয়, অসমৰ বৰাক উপত্যকাত ১৯৫৬ চনত প্রথম মণিপুৰী মাধ্যমৰ প্রাথমিক বিদ্যালয় স্থাপন হয় আৰু ১৯৭৯ চনৰ পৰা প্রথম মণিপুৰী মাধ্যমৰ হাইস্কুলৰ লগতে পর্যায়ক্রমে অসমৰ কলেজ তথা বিশ্ববিদ্যালয়সমূহ মণিপুৰী ভাষাক এটা বিষয় হিচাপে অধ্যয়ন কৰাৰ উপৰি অসম বিশ্ববিদ্যালয়ত মণিপুৰী ভাষাত পি এইচ ডি পর্যন্ত অধ্যয়ন কৰাৰ সুবিধা আছে৷ বর্তমান অসমত মুঠ ১৫৪খন মণিপুৰী মাধ্যমৰ বিভিন্ন প্রাথমিক, মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত হাজাৰ হাজাৰ ছাত্র–ছাত্রীয়ে অধ্যয়ন কৰি আছে৷ যিহেতু এই মাধ্যমত অধ্যয়ন কৰি অহা যুৱক–যুৱতীসকলৰ্ উপৰিউক্ত তিনিওটা ভাষাৰ জ্ঞানৰ অভাৱ, গতিকে মণিপুৰী মাধ্যমত অধ্যয়ন কৰা শিক্ষিত নিবনুৱাসকলে অসম লোকসেৱা আয়োগকে ধৰি বিভিন্ন চৰকাৰী পদত পৰীক্ষা দি নিযুক্তি লাভৰ পৰা বঞ্চিত হ’ব৷

You might also like