নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুভৰি হেৰুওৱাৰ পিছতো পেৰিছত ব্রঞ্জৰ পদক অর্জন

🔹 লেণ্ডমাইন বিস্ফোৰণত ভৰি হেৰুৱাইছিল ভাৰতীয় সেনাৰ হোকাটো চেমাই

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : জম্মু–কাশ্মীৰত হোৱা লেণ্ডমাইন বিস্ফোৰণস্থলীৰ পৰা আঘাতপ্রাপ্ত অৱস্থাত উদ্ধাৰ হোৱা হোকাটো চেমাই চলিত পেৰিছ পেৰালিম্পিকৰ পুৰুষ শ্বটপুটৰ এফ ৫৭ ইভেণ্টৰ ফাইনেলত ৰচিছে ইতিহাস৷ ভাৰতৰ হৈ ব্রঞ্জৰ পদক জয় কৰি নজিৰ গঢ়িলে পেৰা– খেলুৱৈগৰাকীয়ে৷ নাগালেণ্ডৰ ডিমাপুৰৰ বাসিন্দা চেমা সেনাৰ হাবিলদাৰৰূপে কর্মৰত আছিল৷ খেলুৱৈগৰাকীয়ে বিগত বর্ষত হাংঝৌ পেৰালিম্পিকতো জয় কৰিছিল ব্রঞ্জৰ পদক৷ শুকুৰবাৰে পেৰা শ্বটপুট এথলীট চেমাই পেৰিছ পেৰালিম্পিকত ব্রঞ্জৰ পদক জিকি ৰচিছে ইতিহাস৷ খেলুৱৈগৰাকীয়ে প্রতিযোগিতাখনৰ দ্বিতীয় থ্র’ত ১৪ মিটাৰ দূৰত্ব স্পর্শ কৰিছিল৷ পৰৱর্তী থ্র’ত দেশৰ হৈ পদক অর্জন কৰিবলৈ খেলুৱৈগৰাকীয়ে থ্র’ কৰে ১৪.৪০ মিটাৰ দূৰত্ব৷ তাৰ পিছতে চেমাই ভাৰতৰ হৈ ২৭নং পদক জয় কৰাটো নিশ্চিত কৰে৷ লেণ্ডমাইন বিস্ফোৰণত ভৰি হেৰুওৱা  হোকাটো চেমা ভাৰতীয় সেনাৰ এজন চার্জেণ্ট আছিল ৷ ২০০২ চনত নিয়ন্ত্রণ ৰেখাৰ ‘এল অ’ চি’ৰ সমীপত এক অভিযানৰ সময়ত সংঘটিত হোৱা লেণ্ডমাইন বিস্ফোৰণৰ ফলত তেওঁ হেৰুৱাবলগীয়া হয় দুভৰি৷ এই দুর্ঘটনাটোৰ পিছত তেওঁ শ্বটপুট খেলিবলৈ আৰম্ভ কৰে৷

You might also like