দেশৰ ৰেল নেটৱৰ্কেৰে সংযুক্ত ইম্ফল, ৰেলমন্ত্ৰীৰ টুইট
নিউজ ডেস্ক, ২৪ মাৰ্চঃ স্বাধীনতাৰ পিছত মিজোৰামৰ প্ৰথম ৰেল সংযোগ হবলৈ গৈ আছে। অৱশেষত ছাইৰাঙৰ সমীপৱৰ্তী ৰেল দলং নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে ভাৰতৰ ৰেলৱে নেটৱৰ্কৰ সৈতে মিজোৰামৰ ৰাজধানী সংযুক্ত হৈ পৰিল। যাৰ ফলত বৰ্ধিত সংযোগ আৰু অৰ্থনৈতিক বিকাশৰ পথ মুকলি হ’ল।
কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৃহস্পতিবাৰে মিজোৰামৰ বাবে এক বৃহৎ মাইলৰ খুঁটি আখ্যা দি ছাইৰাঙৰ সমীপৰ ৰে’ল দলং নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা ঘোষণা কৰে। তেওঁ এক্সত এই কৃতিত্বৰ এটা চুটি ভিডিঅ’ শ্বেয়াৰ কৰি কয়, “মিজোৰামক সংযোগ কৰাৰ আন এক মাইলৰ খুঁটি। ছাইৰাঙৰ ওচৰৰ দলং সম্পূৰ্ণ হ’ল।”
অসমৰ বৈৰবি সীমান্তৰ পৰা আইজলৰ ওচৰৰ ছাইৰাঙলৈকে এই ৰেলপথ বিস্তৃত হৈ আছে। জুলাই মাহত সমগ্ৰ প্ৰকল্পটো উদ্বোধন হোৱাৰ সম্ভাৱনা আছে। এই পৰ্যন্ত ৭,৭১৪ কোটি টকা ব্যয় কৰা হৈছে। ইয়াৰ মুঠ খৰচ ধাৰ্য কৰা হৈছে ৮,২১৫ কোটি টকা।
ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাই সংসদত অৱগত কৰে যে অসমৰ বৈৰবী সীমান্তৰ পৰা ছাইৰাঙলৈ ৰে’লপথ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে আৰু অতি সোনকালে কাৰ্যক্ষম হ’ব। এই নতুন ৰে’ল সংযোগে স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতৰ ৰে’ল নেটৱৰ্কত আইজলক একত্ৰিত কৰিব, যাৰ ফলত বাণিজ্য আৰু ভ্ৰমণৰ বাবে নতুন সুযোগ মুকলি হ’ব।
বৈৰবি-ছাইৰাঙৰ মাজত ৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ চাৰিটা ভাগত বিভক্ত হৈছে- বৈৰবি-হৰটোকি, হৰটোকি-কাউনপুই, কাউনপুই-মুৱালখাং আৰু মুৱালখাং-ছাইৰাং। এই ৰে’ল প্ৰকল্পৰ সফলতাৰে সম্পূৰ্ণ হোৱাৰ ফলত মিজোৰামৰ সংযোগ, অৰ্থনৈতিক সম্ভাৱনা, আৰু সামগ্ৰিক উন্নয়ন যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে।