নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইএছএল : ইষ্ট বেংগলক হৰুৱাই তৃতীয় স্থানলৈ নর্থ ইষ্ট

🔹 ৪-০ গ’লত পৰাস্ত ইষ্ট বেংগল

নিউজ ডেস্ক, ৯ মার্চ : শ্বিলঙৰ সমর্থকক জয়ৰ আনন্দ দিয়াৰ লক্ষ্যৰে চলিত আইএছএলৰ অন্তিমখন লীগ মেচত অৱতীর্ণ হোৱা নর্থ ইষ্ট ইউনাইটেড এফচিয়ে কালি অনুৰাগীৰ প্রত্যাশা পূর্ণ কৰিবলৈ সক্ষম হ’ল৷ শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত নর্থ হষ্ট ইউনাইটেডে ৪–০ গ’লত পৰাস্ত কৰে ইষ্ট বেংগল এফচিক৷ শ্বিলঙত প্রথম জয়ৰ সফলতা লাভ কৰি এতিয়া দলে আত্মবিশ্বাসৰে প্লে–অফত খেলিব৷ কালি শ্বিলঙত নর্থ ইষ্টে চলিত আইএছএলৰ তৃতীয়খন মেচ খেলে৷ খেলৰ প্রথমার্ধত দলে গ’ল কৰিব পৰা নাছিল বিপক্ষৰ ৰক্ষণ বিভাগৰ দৃঢ়তাৰ বাবে৷ কিন্তু দ্বিতীয়ার্ধত নর্থ ইষ্টে আক্রমণত ৪গৰাকী খেলুৱৈক আগুৱাই দিয়ে৷ খেলপথাৰত প্রৱেশ কৰে অসম-সন্তান পার্থিৱ গগৈয়েও৷ এই ৰণনীতিৰ সুফল ঘৰুৱা দলটোৱে খেলৰ ৫৯ মিনিটত পায়৷ নেষ্টৰ আলবিয়াছে গ’ল কৰি দলক প্রথমে অগ্রগতি দিয়ে৷ ৬৬ মিনিটত গুৱাহাটীৰ দলটোৰ মৰক্কোৰ ষ্ট্রাহকাৰ আলাউদ্দিন আজাৰায়ে দর্শনীয় গ’ল কৰি নর্থ ইষ্ট ইউনাইটেডৰ অগ্রগতি ২–০ কৰে৷ ৭৯ মিনিটত নর্থ ইষ্ট ইউনাইটেডে লাভ কৰা পেনাল্টিক গ’লৰ ৰূপ দিয়ে আজাৰায়ে৷ এয়া তেওঁৰ ২৩ নম্বৰ গ’ল৷ তিনিটা গ’ল হজম কৰাৰ পাছত ইষ্ট বেংগলে আন এক আঘাতৰ সন্মুখীন হয়৷ ৮৪ মিনিট তন্ময় দাসে দুখন ৰঙা কার্ড লাভ কৰি খেলপথাৰৰ পৰা বাহিৰ হ’ব লগা হয়৷ দহজনৰে খেলা ইষ্ট বেংগলক চতুর্থটো গ’ল দিয়ে খেলৰ ৮৬ মিনিটত মহম্মদ বেমামাৰে৷ অন্তিম মেচত জয়ৰে নর্থ ইষ্টে ২৪খন মেচ খেলি ৩৮ পহণ্ট লাভ কৰি পইণ্ট তালিকাৰ তৃতীয় স্থানলৈ উন্নীত হয়৷

You might also like