প্লে-অফত আজি নর্থ–ইষ্টৰ সন্মুখত জামছেদপুৰ
🔹 প্রথমবাৰৰ বাবে আইএছএলৰ নকআডট মেচত মুখামুখি দুয়োটা দল
নিউজ ডেস্ক, ৩০ মার্চ : চলিত ইণ্ডিয়ান ছুপাৰ লীগৰ আজি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগা দ্বিতীয়খন প্লে–অফ মেচত নর্থ–ইষ্ট ইউনাইটেড এফচিয়ে জামছেদপুৰ এফচিৰ বিৰুদ্ধে খেলিব৷ প্রথমবাৰৰ বাবে আইএছএলৰ নকআডট মেচত পৰস্পৰৰ বিৰুদ্ধে মুখামুখি হ’ব দুয়োটা দল৷ ইফালে, প্রথমবাৰৰ বাবে আইএছএলৰ মেচ আয়োজন কৰা শ্বিলঙে প্লে–অফ খেল আয়োজন কৰিও ইতিহাস গঢ়িব৷ এইবাৰ শ্বিলঙত নর্থ–ইষ্ট ইউনাইটেডে দ্বিতীয় ঘৰ হিচাপে আইএছএলৰ অন্তিম তিনিখন মেচ খেলিছে৷ আজিৰ মেচক লৈ ঘৰুৱা দলটো আত্মবিশ্বাসী৷ অন্তিম দুখন মেচত জয়লাভ কৰি ইতিবাচক হৈ থকা নর্থ–ইষ্ট ইউনাইটেডৰ সন্মুখত জামছেদপুৰে চাপত খেলিব লাগিব৷ কাৰণ দলটোৱে লীগৰ অন্তিম দুখন মেচত পৰাজয় স্বীকাৰ কৰিব লগা হৈছিল৷ অৱশ্যে প্লে–অফৰ চাপ নর্থ–ইষ্ট ইউনাইটেডৰ শিবিৰতো থাকিব৷ নর্থ–ইষ্ট ইউনাইটেডৰ আক্রমণাত্মক গতিশীলতা এই ছিজনৰ সাফল্যৰ মূল আহিলা৷ সকলো দলৰ ভিতৰতে সর্বোত্তম ট্ৰিবল সফলতাৰ হাৰ গুৱাহাটীৰ দলটোৰ৷ সংহত সামূহিক প্রচেষ্টাৰ সমান্তৰালভাৱে ব্যক্তিগত চমকপ্রদ প্রদর্শনৰ মিশ্রণে নর্থ–ইষ্ট ইউনাইটেডক আজি জামছেদপুৰতকৈ আগত ৰাখিব৷ আলাউদ্দিন আজাৰাহৰ গ’ল কৰাৰ যাদুৱে ঘৰুৱা দলটোৰ সফলতাত উল্লেখনীয় ভূমিকা ল’ব৷ ২৪খন মেচত তেওঁ ২৩টা গ’ল কৰিছে৷ আজিৰ মেচৰ পূর্বে নর্থ–ইষ্ট ইউনাইটেডৰ মুখ্য প্রশিক্ষক জুৱান পেড্র’ বেনালিয়ে কয়- ‘আমি কোনো অজুহাত নেদেখুৱাই যেতিয়াই সুযোগ আহিব তেতিয়াই গ’ল দিব লাগিব৷ আমি আমাৰ সুযোগক ৰূপান্তৰ কৰিব লাগিব৷ লগতে মনোনিৱেশ কৰিব লাগিব জামছেদপুৰৰ বিশেষ শৈলীৰ খেল বন্ধ কৰা৷’