নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুকিৰ বিক্ষোভত পুনৰ উত্তপ্ত মণিপুৰ

🔹 বাছসেৱা আৰম্ভ হোৱাৰ পাছতেই নিৰাপত্তা বাহিনীৰে সংঘর্ষ

নিউজ ডেস্ক, ১০ মার্চ : পুনৰ অশান্ত হৈ পৰিছে সংঘর্ষজর্জৰ মণিপুৰ৷ কাংপোকপি জিলাত নিৰাপত্তা বাহিনীৰ সৈতে সংঘর্ষত এজন যুৱকৰ মৃত্যুৰ ঘটনাক লৈ নতুনকৈ উত্তপ্ত হৈ উঠিছে উত্তৰ–পূবৰ ৰাজ্যখন৷ এই ঘটনাৰ প্রতিবাদ জনাই কালি মণিপুৰ বন্ধৰ আহ্বান দিছিল কুকি সম্প্রদায়ে৷ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ বিপুলসংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হয় জিলাখনত৷ কোনোধৰণৰ হিংসাৰ ঘটনা যাতে বন্ধৰ সময়ছোৱাত সংঘটিত নহয়, সেই বিষয়টোলৈ নজৰ ৰাখি পথত ৰুটমার্চ কৰে সেনাই৷ কালি পুৱাৰে পৰাই মণিপুৰৰ কাংপোকপি জিলাত পৰিস্থিতি আশংকাজনক হৈ পৰে৷ পৰহি মণিপুৰত বাছসেৱা আৰম্ভ হোৱা ঘটনাক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ শেহতীয়াকৈ মণিপুৰৰ ৰাজ্যপাল হিচাপে দায়িত্ব লৈছে অজয় ভাল্লাই৷ ৰাজ্যখনক সুচল কৰি তুলিবলৈ যোৱা ২ মার্চত ৰাজ্যপাল আৰু অন্যান্য শীর্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছিল কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ সেই বৈঠকতেই সিদ্ধান্ত লোৱা হয় ৮ মার্চৰ পৰা মণিপুৰৰ সকলো পথ মুকলি কৰাৰ৷ সকলো পথত যাতায়াত সুচল কৰি তোলাৰ কথা ঘোষণা কৰে কেন্দ্রীয় গৃহমন্ত্রীয়ে৷ সেই অনুসৰি পৰহিৰে পৰা বাছসেৱা আৰম্ভ হয় যদিও পথ অৱৰোধ কৰে কুকি সম্প্রদায়ৰ বিভিন্ন সংগঠনে৷ পথত পাথৰ পেলাই পথ অৱৰোধ আৰম্ভ কৰে কুকি মহিলাসকলে৷ বিক্ষোভকাৰীক ছত্রভংগ দিয়াবলৈ লাঠীচালনা কৰে নিৰাপত্তা বাহিনীয়ে৷ নিৰাপত্তা বাহিনীৰ সৈতে সংঘর্ষত লিপ্ত হয় কুকি সম্প্রদায়ৰ লোকসকল৷ বিক্ষোভকাৰীয়ে বাছলৈ লক্ষ্য কৰি ইটা, শিলগুটি দলিয়ায়৷ আনকি এখন বাছো জ্বলাই দিয়ে বিক্ষোভকাৰীয়ে৷ এনে পৰিস্থিতিত গুলী চলাবলৈ বাধ্য হয় আৰক্ষী৷ সংঘর্ষৰ মাজতে ৩০ বছৰীয়া এজন যুৱকৰ গাত গুলী লাগে৷ হাস্পতাললৈ নিয়াৰ পথত বিক্ষোভকাৰী এই যুৱকজনৰ মৃত্যু হয়৷ ইফালে, এই সংঘর্ষত উভয় পক্ষৰ আহত হয় ৩০জন৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, এই সংঘর্ষত ২৭জন আৰক্ষী কর্মী আহত হৈছে৷ আহত এই আৰক্ষী কর্মীসকলৰ দুজনৰ অৱস্থা সংকটজনক৷ ভয়াৱহ এই হিংসাৰ পাছত পৰহি নিশা কুকি অধ্যুষিত অঞ্চলত অনির্দিষ্টকালৰ বাবে বন্ধৰ আহ্বান দিয়ে কুকি সম্প্রদায়ে৷ কুকি–জ’ কাউঞ্চিলৰ তৰফৰ পৰা তেওঁলোকৰ দাবী পূৰণ নোহোৱা পর্যন্ত চৰকাৰৰ অবাধ যাতায়াতত বিৰোধিতা জাৰি থাকিব বুলি ঘোষণা কৰা হৈছে৷

You might also like