নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্গম অঞ্চলৰ পৰা খৰিৰ বোজা কঢ়িওৱা মণিপুৰী কন্যাই টকিঅ’ত ৰচিলে ইতিহাস

নিয়মীয়া বাৰ্তা ২৫ জুলাইঃ এটা সময়ত ইম্ফলৰ দুর্গম পাহাৰীয়া অঞ্চলৰ পৰা কান্ধত খৰিৰ বোজা কঢ়িয়াই দৰিদ্র পিতৃ–মাতৃক সহায় কৰা এগৰাকী মণিপুৰী কন্যাক লৈ আজি সমগ্র দেশ গৌৰৱান্বিত৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকত ঐতিহাসিক সাফল্যৰে টকি’ৰ পৰা দেশলৈ সু–সংবাদ কঢ়িয়াই অনা এইগৰাকী দৃঢ়মনা মণিপুৰী কন্যা হ’ল দেশৰ তাৰকা ভাৰোত্তোলক মীৰাবাঈ চানু৷ ২০১৬ৰ ৰি’ অলিম্পিকত দুর্বল প্রদর্শনেৰে ক্রীড়ানুৰাগীক হতাশ কৰা ২৬ বছৰীয়া ভাৰোত্তোলকগৰাকীয়ে শনিবাৰে টকিঅ’ অলিম্পিকৰ দ্বিতীয় দিনাই ভাৰতক ৰূপৰ পদক উপহাৰ দিয়ে৷ ৪৯ কেজি ওজন শাখাত মীৰাবাঈয়ে মুঠ ২০২ কেজি উত্তোলন কৰি ৰূপৰ পদক অর্জন কৰিবলৈ সক্ষম হয়৷ এই প্রদর্শনৰ সুবাদত উত্তৰ–পূবৰ ভাৰোত্তোলকগৰাকীয়ে দেশবাসীৰ ২১ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত পেলাই অলিম্পিকৰ ভাৰোত্তোলন ইভেণ্টত প্রথমটো পদক জয় কৰে৷

ইয়াৰ পূর্বে ভাৰতৰ প্রখ্যাত মহিলা ভাৰোত্তোলক কর্ণম মালেশ্বৰীযে ছিডনী অলিম্পিক, ২০০০ত ব্রঞ্জৰ পদক জয়েৰে ইতিহাস ৰচিছিল৷ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত স্বর্ণ, কমনৱেল্থ গেমছত দুটাকৈ ৰূপ আৰু এছিয়ান গেমছত ব্রঞ্জৰ পদক অর্জনেৰে কেইবাবাৰো দেশবাসীক গৌৰৱান্বিত কৰা মীৰাবাঈ চানুৱে শনিবাৰে অনুষ্ঠিত ৪৯ কেজিৰ ইভেণ্টৰ মেচত দুর্দান্ত প্রদর্শনেৰে স্নেটছত ৮৭ কেজি আৰু ক্লীন এণ্ড জার্কত ১১৫ কেজি উত্তোলন কৰি টকি’ অলিম্পিকৰ পৰা দেশলৈ প্রথমটো পদক কঢ়িয়াই আনে৷ গুৱাহাটীৰ মালিগাঁওস্থিত এন এফ ৰে’লৱেৰ কর্মচাৰী মণিপুৰী ভাৰোত্তোলকগৰাকীৰ এই ঐতিহাসিক প্রদর্শনক ভূয়সী প্রশংসা কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে৷ টুইটাৰত মোদীয়ে মীৰাবাঈক অভিনন্দন জনাই কয় যে ভাৰোত্তোকগৰাকীৰ সাফল্যই দেশৰ উঠি অহা প্রজন্মক অনুপ্রাণিত কৰিব৷ প্রতিগৰাকী ভাৰতীয় আজি তেওঁক লৈ গৌৰৱান্বিত৷

কেন্দ্রীয় ক্রীড়ামন্ত্রী অনুৰাগ ঠাকুৰ, প্রাক্তন ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজু, অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, কংগ্রেছ নেতা ৰাহুল গান্ধী, দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালেও অলিম্পিকত ৰূপৰ পদক বিজয়ী তাৰকাগৰাকীক শুভেচ্ছা জনায়৷ ইফালে টকি’ অলিম্পিকত মীৰাবাঈ চানুৰ ঐতিহাসিক প্রদর্শনত মুগ্ধ হৈছে ক্রিকেটৰ ভগাৱান খ্যাত শচীন তেণ্ডুলকাৰ৷ অলিম্পিকত ৰূপৰ পদক জয় কৰা ভাৰতৰ প্রথমগৰাকী ভাৰোত্তোলক হিচাপে ইতিহাস ৰচা উত্তৰ–পূবৰ খেলুৱৈগৰাকীৰ প্রদর্শনে তেওঁক গৌৰৱান্বিত কৰা বুলি উল্লেখ কৰি প্রাক্তন ক্রিকেটাৰগৰাকীয়ে কয় যে আঘাতৰ পাছত মীৰাবাঈ চানুৱে যিদৰে নিজকে অলিম্পিকৰ বাবে সাজু কৰি দেশলৈ ৰূপৰ পদক কঢ়িয়াই আনিলে, সেয়া এক অর্থত অতুলনীয়৷

মন কৰিবলগীয়া যে ২০১৬ৰ ৰিঅ’ অলিম্পিকত হতাশাজনক প্রদর্শনৰ পাছত মীৰাবাঈয়ে ২০১৭ৰ বিশ্ব চেম্পিয়নশ্বিপ আৰু ২০১৮ৰ কমনৱেল্থ গেমছত সোণৰ পদক জয়েৰে শক্তিশালী প্রত্যাৱর্তন ঘটায়৷ কিন্তু পিঠিৰ আঘাতৰ বাবে তেওঁ ২০১৮ বর্ষৰ অধিকাংশ সময় ভাৰোত্তোলনৰ পৰা আঁতৰি থাকিবলগীয়া হয়৷ ২০১৯ত আঘাতমুক্ত হৈ ভাৰোত্তোলকগৰাকীয়ে বিশ্ব চেম্পিয়নশ্বিপত অংশ লয় যদিও চতুর্থ স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়৷ অলিম্পিকৰ প্রতি লক্ষ্য ৰাখি যোৱা বছৰৰ পৰা কঠোৰ অনুশীলনত ব্রতী হোৱা মীৰাবাঈয়ে ২০২১ৰ এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপত নতুন বিশ্ব অভিলেখেৰে ক্লীন এণ্ড জার্কত ১১৯ কেজি উত্তোলন কৰে৷ এই প্রদর্শনৰ ধাৰা অব্যাহত ৰাখি মণিপুৰৰ প্রতিভাৱান ক্রীড়াবিদগৰাকীয়ে টকিঅ’ অলিম্পিকত ঐতিহাসিক প্রদর্শনেৰে ৰূপৰ পদক অর্জন কৰিবলৈ সক্ষম হয়৷ ইফালে অলিম্পিকত ভাৰতৰ হৈ ৰূপৰ পদক জয় কৰি দেশবাসীক ধন্যবাদ জনাইছে মীৰাবাঈ চানুৱে৷

টুইটাৰত তেওঁ কয়– ‘আজি মোৰ এক দীর্ঘদিনীয়া সপোন পূৰণ হ’ল৷ এই দিনটোৰ বাবে মই চাৰি বছৰ ধৰি কঠোৰ পৰিশ্রম কৰিছোঁ৷ দেশবাসীৰ অজস্র মৰম–চেনেহ আৰু প্রার্থনাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ৷ মোৰ এই যাত্রাৰ প্রতিগৰাকী সহযোগীৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ’ম৷ মোৰ বাবে অশেষ ত্যাগ কৰা মোৰ মাতৃক আজি মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ৷’

উল্লেখ্য যে টকিঅ’ অলিম্পিকৰ প্রতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে মণিপুৰী কন্যা মীৰাবাঈ চানুক উন্নত অনুশীলনৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রলৈ পঠিয়াইছিল৷ প্রায় তিনি মাহ আমেৰিকাত কঠোৰ অনুশীলনৰ অন্তত যোৱা সপ্তাহত ভাৰোত্তোলকগৰাকী টকিঅ’ত উপস্থিত হৈছিল৷ ১৯৯৪ৰ ৮ আগষ্টত মণিপুৰৰ নংপ’ক কাকচিং গাঁৱত জন্মগ্রহণ কৰা মীৰাবাঈ চানুৰ শাৰীৰিক শক্তি আৰু বাহুবলৰ উমান লাভ কৰিয়েই পৰিয়ালৰ লোকে তেওঁক ১২ বছৰ বয়সতে ভাৰোত্তোলনৰ অনুশীলন শিবিৰত ভর্তি কৰাইছিল৷ ইম্ফলৰ খুমান লাম্পাক ষ্টেডিয়ামত ভাৰোত্তোলনৰ আদিপাঠ গ্রহণ কৰি তেওঁ পৰৱর্তী সময়ত মণিপুৰৰ ছাই কেন্দ্র আৰু তাৰ পাছত পাটিয়ালাৰ ৰাষ্ট্রীয় শিবৰত উন্নত প্রশিক্ষণ লাভ কৰে৷ ২০১৮ত পদ্মশ্রী আৰু ৰাজীৱ গান্ধী খেলৰত্ন বঁটা লাভ কৰা খেলুৱৈগৰাকীয়ে ২০১৮ৰ এপ্রিলত মালিগাঁওস্থিত উত্তৰ–পূব সীমান্ত ৰে’লৱেত বিশেষ কর্তব্যৰত বিষয়া (ক্রীড়া) হিচাপে পদোন্নতি লাভ কৰিছিল৷ অলিম্পিকত উৎকৃষ্ট প্রদর্শনেৰে দেশবাসীক গৌৰৱান্বিত কৰা মীৰাবাঈক উত্তৰ–পূব সীমান্ত ৰে’লৱে বিভাগে অভিনন্দন জনাইছে৷

ইফাৱে টকিঅ’ অলিম্পিকত ভাৰতীয় দলৰ চেফ দ্য মিছনৰ দায়িত্ব লাভ কৰা অসমৰ জ্যেষ্ঠ ক্রীড়া সংগঠক বীৰেন্দ্রপ্রসাদ বৈশ্যই পদক বিজয়ী মণিপুৰী বক্সাৰগৰাকীক শুভেচ্ছা জনাইছে৷ মীৰাবাঈৰ প্রদর্শনক লৈ ভাৰতীয় দলৰ প্রতিগৰাকী খেলুৱৈ গৌৰৱান্বিত আৰু উৎসাহিত বুলি তেওঁ উল্লেখ কৰে৷

You might also like