নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিজোৰামত আঞ্চলিকতাবাদৰ জয় : পৰৱৰ্তী চৰকাৰ জেডপিএমৰ

বিশেষ বাৰ্তা, ৪ ডিচেম্বৰঃ কাৰ্যতঃ আঞ্চলিকতাবাদৰ বিজয়ধ্বজা উৰিল মিজোৰামত। ৰাষ্ট্ৰীয় দলক একপ্ৰকাৰ নস্যাত কৰি মিজোৰামৰ শাসনৰ গাদীলৈ আহিল জোৰাম পিপুলছ মুভমেণ্ট (জেডপিএম)। কংগ্ৰেছ-বিজেপিৰ কোনো প্ৰত্যাহ্বানৰেই সন্মুখীন নোহোৱাকৈ মিজোৰামৰ শাসনৰ বাঘজৰী হাতত ললে জোৰাম পিপুলছ মুভমেণ্ট (জেডপিএম)-এ। মিজো নেচনেল ফ্রণ্ট (এমএনএফ)ক মিজোৰামৰ শাসনৰ পৰা উৎখাত বিৰোধী জোৰাম পিপুলছ মুভমেণ্ট (জেডপিএম)ৰ৷ আজি ঘোষিত বিধানসভা নিৰ্বাচনৰ ফলাফলত এমএনএফৰ পতন নিশ্চিত হয় আৰু বিৰোধী জেডপিএমে চৰকাৰ গঠন কৰাটো নিশ্চিত হয়৷ এমএনএফে মাত্র ১০খন আসন লাভ কৰাৰ বিপৰীতে বিৰোধী জেডপিএমে ২৭খন আসন লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে৷ ৪০খন আসনৰ আটাইকেইখনতে এমএনএফ, জেডপিএম আৰু কংগ্রেছে প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে বিজেপিয়ে ২৩খন আসনত প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ ঘোষিত ফলাফলত এমএনএফে ১০, জেডপিএমে ২৭, কংগ্রেছে ১ আৰু বিজেপিয়ে ২খন আসন লাভ কৰে৷ তাৎপর্যপূর্ণ যে ঘোষিত ফলাফলত কংগ্রেছৰ আসন হ্রাস পায়৷ আনপিনে বিজেপিৰ আসন বর্ধিত হয়৷ অর্থাৎ ৰাজ্যখনত বিজেপিৰ উত্থান ঘটে৷ বিগত বিধানসভা নির্বাচনত কংগ্রেছে ৭খন আসন লাভ কৰিছিল৷ কিন্তু এইবেলি মাত্র ১খন আসনতে সীমিত হৈ ৰয়৷ ইয়াৰ বিপৰীতে বিজেপিয়ে বিগত বিধানসভা নির্বাচনৰ তুলনাত এখন আসন বেছিকৈ লাভ কৰে৷ প্রথমবাৰৰ বাবে আম আদমি পার্টিয়ে ৪খন আসনত প্রতিদ্বন্দ্বিতা কৰে যদিও অতি শোচনীয়ভাৱে পৰাজিত হ’বলগীয়া হৈছে৷ নির্দলীয় ১৭গৰাকী প্রার্থীয়েও কোনো প্রভাৱ পেলাব নোৱাৰিলে৷ এইবেলি নির্বাচনৰ ফলাফলত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে এমএনএফৰ মুৰব্বী তথা মুখ্যমন্ত্রী জোৰামথাংগা আৰু উপ–মুখ্যমন্ত্রী টাউনলুৱাও৷ জেডপিএমৰ নেতা লালডুহোমা ৰাজ্যখনৰ পৰৱর্তী মুখ্যমন্ত্রী হোৱাটো নিশ্চিত৷

#বাৰ্তা ডেস্ক

You might also like