বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়োৱা বন্ধুগৰাকীয়ে প্রকৃত বন্ধু৷ বিপদৰ সময়ছোৱাতেই বন্ধু চিনিব পাৰি৷ সম্প্রতি বানৰ বিভীষিকা চলিছে সমগ্র উজনি অসমতে৷ অভূতপূর্ব, অপ্রত্যাশিত আৰু আকস্মিক বানত দিশহাৰা হৈ পৰিছে অঞ্চলটোৰ লোকসকল৷
বানৰ বিভীষিকাই তচ্নচ্ কৰি পেলাইছে জীৱন–জীৱিকা৷ মৃত্যু উপত্যকাত পৰিণত হৈছে সমগ্র উজনি অসম৷ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আদি বিভিন্ন জিলাত মৃত্যুৰ কিৰীলি৷ ঘৰৰ মূধচৰ ওপৰেৰে পানী বাগৰি গৈছে৷ তথ্যগতভাৱে এই পর্যন্ত প্রায় দুকুৰি লোকৰ মৃত্যু হৈছে এইবাৰৰ চলিত বানত৷ অভাৱনীয় বানৰ কৱলত পৰা শতাধিক লোকৰ এই পর্যন্ত সন্ধান পোৱা নাই৷
এতেকে বানত প্রাণ হেৰুওৱা লোকৰ সংখ্যা কিমান হ’ব পাৰে তাক এতিয়াই ঠাৱৰ কৰাটো সম্ভৱ নহয়৷ বাকী যিসকল লোকে কোনোমতে ক’ৰবাত হ’লেও আশ্রয় লৈ আছে তেওঁলোকৰো অৱস্থা নাজল–নাথল৷ পশুধনৰো বিস্তৰ ক্ষতি হৈছে৷
যিবোৰ ঠাইত পানী কমিবলৈ ধৰিছে তাত য’তে–ত’তে পশুধনৰ মৃতদেহ ওলাইছে৷ একঁকাললৈকে পলসে ঢাকি পেলাইছে ঘৰ–দুৱাৰ, খেতিপথাৰ৷ এতিয়া খেতিৰ ভৰ বতৰত খেতিৰ কথা চিন্তাই কৰিব নোৱৰা হৈছে খেতিয়কসকলে, কেৱল নিজৰ প্রাণটো ৰক্ষা কৰাৰহে চিন্তা৷ ভাষাৰে বর্ণনা কৰিব নোৱাৰা অৱস্থা হৈছে তেওঁলোকৰ৷
ইফালে, শিৱসাগৰ জিলাত বানে সংহাৰী ৰূপ লোৱাত জিলাখনৰ ঐতিহাসিক সমলসমূহ ক্ষতিগ্রস্ত হোৱাৰ আশংকাই দেখা দিছে৷ ঐতিহাসিক ৰংঘৰ, তলাতল ঘৰ, গোলাঘৰ, ঘনশ্যাম মন্দিৰ, ৰংগনাথ দ’ল, নামতী দ’ল, বৰপাত্র দ’ল, ধোদৰ আলিকে ধৰি ৰজাদিনীয়া বহু প্রাচীন সমলসমূহ সংকটৰ গৰাহত পৰিছে৷
মুখ্যমন্ত্রীয়ে উজনিৰ বিভিন্ন ঠাইলৈ বান পৰিস্থিতিৰ বুজ ল’বলৈ গৈ নিজেই স্বীকাৰ কৰিছে যে আমি ভবাতকৈ পৰিস্থিতি বহু বেছি ভয়াৱহ৷ এতিয়া বানাক্রান্ত লোকসকলৰ বাবে প্রয়োজন সাহায্যৰ৷ বিভিন্নজনে নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হোৱা বাবে উজনি অসমত এনে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি ধাৰণা কৰিছে৷
সি যি কি নহওক, পৰিস্থিতি এতিয়াও ভয়াৱহ৷ চৰকাৰে সাহায্যৰ ব্যৱস্থা কৰিছে যদিও সেয়া পর্যাপ্ত নহয়৷ কোনো কোনো ঠাইৰ পৰিস্থিতি অনুকূল নোহোৱাত সাহায্য বিতৰণ কৰিব পৰা নাই বুলিও কোৱা হৈছে৷ সাহায্য শিবিৰ বা কোনো ওখ ঠাইত আশ্রয় ল’বলৈ সক্ষম হোৱা লোকসকললৈ খোৱা সামগ্রী, কাপোৰ–কানি আদি যোগান ধৰাৰ উপৰি বানকৱলিত এলেকাসমূহত উদ্ধাৰ কার্যৰ বাবে এনডিআৰএফ আৰু এছডিআৰএফৰ লোকসকলে যৎপৰোনাস্তি চেষ্টা চলাই আছে৷
এনে আকস্মিক আৰু অভাৱনীয় দুর্যোগৰ বাবে চৰকাৰ প্রস্তুত নাছিল বুলি বিধানসভাত স্বীকাৰ কৰিছে সংসদীয় পৰিক্রমা মন্ত্রী পীয়ূষ হাজৰিকাই৷
আকস্মিকভাৱে এনে পৰিস্থিতিৰ সৃষ্টি হোৱাত চৰকাৰে সহায়ৰ হাত আগবঢোৱাৰ ক্ষেত্রত কোনো কৃপণালি কৰা নাই৷ এইবাৰ কোনোকালে বানে ঢুকি নোপোৱা অঞ্চলতো বান হৈছে৷ কেৱল বান হোৱাই নহয়, ইমান বেছিকৈ হৈছে যে কোনোকালে বান পৰিস্থিতিৰ মুখামুখি হৈ নোপোৱা অঞ্চলসমূহৰ ৰাইজৰ বাবে ই প্রলয়সদৃশ হৈ পৰিছে৷
কেৱল চৰকাৰেই নহয়, বিভিন্ন দল–সংগঠনেও এই বিপদৰ মুহূর্তত সহায়ৰ হাত আগবঢাইছে৷ এআইইউডিএফৰ মুৰব্বী তথা বিধায়ক বদৰুদ্দিন আজমলেও ‘আজমল ফাউণ্ডেচন’ৰ তৰফৰ পৰা বানপীডিতৰ বাবে এক কোটি টকাৰ সাহায্য আগবঢোৱাৰ কথা বিধানসভাত ঘোষণা কৰিছে৷
ইতিমধ্যে ক্ষুদ্র পর্যায়তো বিভিন্ন বেচৰকাৰী সংগঠন, সংস্থা আদিয়ে বান সাহায্য প্রেৰণৰ বাবে উঠি–পৰি লাগিছে৷ কিন্তু কোনো কোনো জনপ্রতিনিধিক সংশ্লিষ্ট সমষ্টিৰ ৰাইজে এই বিপদৰ সময়ত কাষত নেদেখি ক্ষোভ উজৰাও দেখিবলৈ পোৱা গৈছে৷
তদুপৰি, ৰাইজৰ প্রতিনিধি হ’বলৈ মন মেলি নির্বাচনৰ সময়ত ডিঙি ফুলাই বত্তৃণতা দিয়া একাংশৰো এতিয়া দেখা–দেখি নাই বুলি অভিযোগ উঠিছে৷ নিজ অঞ্চলৰ লোকৰ এই দুর্দশাৰ সময়ত তেওঁলোক বহিঃৰাজ্যত থকা বুলি বহুতেই ক্ষোভ উজাৰিছে৷
ইফালে ভূতৰ ওপৰত দানহ পৰাৰ দৰে দুই–এদিনতে নীপকোৰ অধীনস্থ দৈয়াং জলবিদ্যুৎ প্রকল্পয়ো পানী এৰিব পাৰে বুলি খবৰ ওলাইছে৷ প্রকলম্পটোৰ জলাধাৰত পানীৰ পৰিমাণ বাঢি গৈ থকাত বর্ধিত পানী এৰি দিয়াৰ সম্ভাৱনাৰ বাতৰি প্রাকাশ পাইছে যদিও গোলাঘাট জিলা প্রশাসনে পিছে এই সন্দর্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই৷
এনে পৰিস্থিতিত শংকিত হৈ পৰিছে দুর্দশাগ্রস্ত লোকসকল৷ এনে বিপদৰ সময়তে সকলোৱে বিপদগ্রস্ত লোকসকলৰ ওচৰত থিয় দিয়া উচিত৷ যিয়ে যেনেদৰে পাৰে সহায়ৰ হাত আগবঢোৱা উচিত৷ এই বিপদৰ সময়ত যে কেৱল মানুহৰে সমস্যা হৈছে তেনে নহয়, ঘৰচীয়া আৰু বনৰীয়া জীৱ–জন্তুবোৰেও বিপদৰ সন্মুখীন হ’বলগীয়া হৈছে৷
ঘৰচীয়া জীৱ–জন্তুবোৰৰ প্রতিঘৰৰ মানুহখিনিয়ে পার্যমানে সহায় নকৰাকৈ থকা নাই৷ কিন্তু বনৰীয়া জীৱ–জন্তুবোৰৰ আলৈ–আথানি নোহোৱা হৈছে৷ সামাজিক মাধ্যমত দুখন ছবি ইতিমধ্যে ভাইৰেল হৈছে৷ হাতীৰ পিঠিত উঠি বানত কক্বকাই থকা বাঘ এটাই নিজৰ প্রাণ ৰক্ষা কৰাৰ চেষ্টা কৰিছে৷
বনৰ ৰজা বুলি দম্ভালি মাৰি বানত মৰাতকৈ বশ্যতা স্বীকাৰ কৰি হাতীৰ সহায়ত প্রাণ বছোৱাৰ চেষ্টা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই বাঘটোৱে৷ হাতীটোৱেও নির্বিবাদে বাঘটোক নিজৰ পিঠিত তুলি কোনো সুবিধাজনক স্থানলৈ লৈ গৈছে৷
আন এটা দৃশ্যত এটা হাতীয়ে কণমানি হৰিণা পোৱালি এটাক শূঁৰেৰে দাঙি পানী ফালি ফালি গৈ আছে৷ জীৱ–জন্তুৰ মাজতো দেখিবলৈ পোৱা এই মহানতা মানুহৰ বাবে নিশ্চয়কৈ আদর্শ হ’ব পাৰে৷
‘সুধাকণ্ঠ’ ড০ভূপেন হাজৰিকাই তাহানিতে কৈ গৈছে– ‘মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, ভাবিব কোনেনো কোৱা সমনীয়া?’ এতিয়া, মূল কথাটো হ’ল যে সাময়িক বিপর্যয়টোৰ পৰা হাত সৰাটোহে৷ প্রতিৰোধমূলক ব্যৱস্থা গ্রহণৰ পর্যায় আহিব পিছলৈ৷
এইসময়ত বিপদগ্রস্ত মানুহখিনিক উদ্ধাৰ কৰাটোহে৷ সেয়েহে সকলোৱে হাত জোকাৰি মানুহখিনিক সকাহ দিবলৈ ওলাই অহাটোহে এতিয়া সময়ৰ আহ্বান৷ চৰকাৰেও সহায়ৰ হাত আগবঢোৱাৰ লগতে এনে অৱস্থা যাতে আগলৈ হ’ব নোৱাৰে তাৰ বাবে প্রতিৰোধমূলক ব্যৱস্থাৰ বাবে সঠিক পৰিকল্পনা কৰা উচিত৷ সেইবাবেই কোৱা হয় যে বিপদৰ বন্ধুহে প্রকৃত বন্ধু৷