বৃহস্পতিবাৰে নিশা গুৰুগ্ৰামৰ মেডান্তা হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা আৰু ড° জিতেন্দ্ৰ সিঙে ছোনম ৱাংচুকক সাক্ষাৎ কৰে। বৈঠকৰ পিছতে ৱাংচুকে ২৬ দিনীয়া অনশন ভংগ কৰে।
অনশন ভংগ কৰাৰ সময়ত ৱাংচুকে কয়, “কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা, ড° জিতেন্দ্ৰ সিং আৰু লেহ-লাডাখৰ Apex Body-ৰ জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত মই ২৬ দিনীয়া অনশন ভংগ কৰিলোঁ।”
বৈঠকৰ পিছত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে.পি. নাড্ডাই জনায় যে NEET প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা সংস্কাৰৰ বিষয়ত সংসদত আলোচনা কৰাৰ আশ্বাস ইতিমধ্যে চৰকাৰে দিছে। লগতে দিল্লীৰ জন্তৰ-মন্তৰত শান্তিপূৰ্ণ প্ৰতিবাদ কৰা লোকসকল আৰু ২০ জুলাইৰ সংসদ মাৰ্চত অংশগ্ৰহণকাৰীসকলৰ বিৰুদ্ধে গোচৰ নকৰাৰ বিষয়টোও চৰকাৰে ইতিবাচকভাৱে বিবেচনা কৰি আছে বুলি তেওঁ উল্লেখ কৰে।
ইয়াৰ উপৰি সাম্প্ৰতিক NEET প্ৰশ্নকাকত ফাদিল ঘটনাৰ সৈতে জড়িত আত্মহত্যাৰ ঘটনাসমূহৰ ভুক্তভোগী পৰিয়াললৈ উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বিষয়েও চৰকাৰে বিবেচনা কৰি আছে বুলি নাড্ডাই জানিবলৈ দিয়ে।
সমাজকৰ্মী ছোনম ৱাংচুকে ২৬ দিনীয়া অনিৰ্দিষ্টকালীন অনশন ভংগ কৰাৰ পিছতো ককৰোচ জনতা পাৰ্টি (CJP)-এ আন্দোলন অব্যাহত ৰখাৰ ঘোষণা কৰিছে। দলটোৱে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত আৰু প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত আৰক্ষীৰ বলপ্ৰয়োগৰ বিৰুদ্ধে আজি দেশজুৰি প্ৰতিবাদ মাৰ্চৰ আহ্বান জনাইছে।
CJP-ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে সোনম ৱাংচুকৰ অনশন ভংগ কৰাৰ সিদ্ধান্তক আদৰণি জনাই কয় যে, তেওঁ নিজৰ জীৱন বিপন্ন কৰি দেশৰ বিবেক জগাই তুলিবলৈ সক্ষম হৈছে। তেওঁ এক্স (X)-ত লিখে যে, “২৬ দিনৰ অনশনৰ অন্ত পেলোৱাত আমি স্বস্তি পাইছোঁ। কিন্তু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ নোহোৱালৈকে জন্তৰ-মন্তৰত আমাৰ শান্তিপূৰ্ণ আন্দোলন অব্যাহত থাকিব।”
দীপকে জনায় যে, চিকিৎসাৰ বাবে চেলাইন আৰু বিভিন্ন পৰীক্ষা কৰাৰ পিছতো তেওঁ পুনৰ জন্তৰ-মন্তৰলৈ উভতি আহিছে। জ্বৰ আৰু দুৰ্বলতা সত্ত্বেও আন্দোলন অব্যাহত ৰাখিব বুলি তেওঁ স্পষ্ট কৰে।
আনহাতে, সোনম ৱাংচুকে অনশন ভংগ কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সামাজিক মাধ্যমত শুভেচ্ছা জনাই কয়, “মই ছোনমজীক চিকিৎসকৰ পৰামৰ্শমতে দৈনন্দিন জীৱনলৈ ঘূৰি আহি শীঘ্ৰে সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ আহ্বান জনাইছোঁ। ঈশ্বৰে তেওঁক সুস্বাস্থ্য প্ৰদান কৰক।”
ডিজিটেল ডেস্ক, ২৪ জুলাই