নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড পৰিস্থিতিক লৈ আজি উত্তৰ পূবৰ ৮ ৰাজ্যৰ মুখ্যমন্ত্রীৰে মোদীৰ বৈঠক

নিয়মীয়া বাৰ্তা, ১৩ জুলাই: উত্তৰ–পূর্বাঞ্চলৰ ক’ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ আঠখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ সৈতে আজি এখন বৈঠকত মিলিত হ’ব৷ মূলতঃ অঞ্চলটোৰ ক’ভিড পৰিস্থিতি পর্যালোচনা কৰাৰ বাবেই প্রধানমন্ত্রীয়ে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে এই বৈঠকৰ আয়োজন কৰা বুলি প্রধানমন্ত্রী কার্যালয়ে জানিবলৈ দিছে৷

ৰাজ্যসমূহে ক’ভিড–১৯ ব্যাৱস্থাপনা কেনেকৈ কার্যকৰী কৰি আছে, তাৰ বুজ ল’ব প্রধানমন্ত্রীজনে৷ জানিব পৰা মতে ৰাজ্যসমূহে পর্যাপ্ত পৰিমাণে ক’ভিড পৰীক্ষা কৰি আছে নে নাই, ৰাজ্যসমূহত ক’ভিডকালীন আচৰণবিধি বলৱৎ হৈ আছে নে নাই, চিকিৎসালয়সমূহত পর্যাপ্ত বিছনা, ভেণ্টিলেটৰ, অক্সিজেনৰ যোগান আছে নাই আদি বিষয়সমূহৰ বুজ ল’ব প্রধানমন্ত্রীয়ে৷ তদুপৰি উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহত টিকাকৰণ অভিযান কিমান দূৰ আগবাঢ়িছে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে তাৰো বুজ ল’ব মোদীয়ে৷

মন কৰিবলগীয়া কেইদিনমান পূর্বে কেন্দ্রীয় কেবিনেট সচিব ৰাজীৱ গৌবাই উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ বিষয়াসকলৰ সৈতে অঞ্চলটোৰ ক’ভিড পৰিস্থিতিৰ বুজ লৈ গভীৰ উদ্বিগ্ণতা ব্যক্ত কৰিছিল৷ ইযাৰ পাছত প্রধানমন্ত্রীয়ে খোদ উত্তৰ–পূর্বাঞ্চলৰ ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ বাবে আয়োজন কৰা বৈঠকখন যথেষ্ট তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷

কাৰণ শেহতীয়াকৈ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা তথ্যত উত্তৰ–পূর্বাঞ্চলৰ ক’ভিড পৰিস্থিতি মুঠেই নিয়ন্ত্রণলৈ নাই অহাৰ কথা প্রতিফলিত হৈছে৷ ক’ভিডৰ সংক্রমণ অত্যধিক হোৱা দেশৰ মুঠ ৯০খন জিলাক চিহ্ণিত কৰি কোৱা হৈছে যে দেশত প্রতিনিয়ত নতুনকৈ ক’ভিড আক্রান্ত লোকসকলৰ ৮০ শতাংশই এইবোৰ জিলাত দেখা পোৱা গৈছে৷ ইয়াৰ ১৩খন জিলা হৈছে উত্তৰ–পূর্বাঞ্চলৰ৷ আৰু এই ১৩খন জিলাৰ ভিতৰত ৬খনেই হৈছে অসমৰ৷

আনহাতে, কেন্দ্রীয় স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি দেশৰ ৬৬খন জিলাত দেখা গৈছে আক্রান্তৰ হাৰ ১০ শতাংশতকৈও অধিক৷ এই ৬৬খন জিলাৰ ভিতৰত কেৱল উত্তৰ–পূর্বাঞ্চলতেই আছে ৪০খন জিলা, য’ত আক্রান্তৰ হাৰ ১০ শতাংশতকৈ অধিক৷ ইয়াৰ ভিতৰত অৰুণাচল প্রদেশত সর্বাধিক ১০খন, মণিপুৰত ৯খন, মেঘালয়ত ৬খন, অসমত ৪খন, ছিকিমত ৪খন, ত্রিপুৰাত ৩খন, মিজোৰামত ২খন আৰু নাগালেণ্ডত ১খন জিলা আছে৷

ইপিনে উত্তৰ–পূর্বাঞ্চলৰ মুখ্যমন্ত্রীসকলৰ সৈতে ১৭ জুলাইত শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া দুদিনীয়া বৈঠকৰ কার্যসূচী সাময়িকভাৱে বাতিল কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ বিভাগীয় সূত্রত জানিব পৰা মতে, মূলতঃ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত চলি থকা সীমা বিবাদক লৈহে গৃহমন্ত্রীজনে উক্ত বৈঠকৰ আয়োজন কৰিছিল৷ অনিবার্য কাৰণবশতঃ বৈঠকখন বাতিল কৰিবলগীয়া হয় বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷ পৰৱর্তী সময়ত আয়োজন কৰিবলগীয়া বৈঠকখনত মুখ্যমন্ত্রীসকলৰ উপৰি ৰাজ্যসমূহৰ মুখ্য সচিব আৰু আৰক্ষীপ্রধানসকলো উপস্থিত থাকিব৷

মন কৰিবলগীয়া যে অসমৰ সৈতে অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড আৰু মিজোৰামৰ সীমা বিবাদ আছে৷ শেহতীয়াকৈ অসম–মিজোৰামৰ সীমা বিবাদ হিংসাত্মক ৰূপ লোৱাও পৰিলক্ষিত হৈছে আৰু দুয়ো ৰাজ্যৰ সীমান্তত এতিয়া উত্তেজনা বিৰাজ কৰি আছে৷

You might also like