নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত গা ধুবলৈ গৈ তিনি শিশুৰ সলিল সমাধি

নিয়মীয়া বাৰ্তা, ১৩ জুলাই: কাছাৰ জিলাৰ ৰোজকান্দি চাহ বাগিচাত সংঘটিত হৈছে এক হূদয়বিদাৰক ঘটনা৷ পুখুৰীৰ পানীত ডুব গৈ দুই পৰিয়ালৰ তিনিটা শিশুৰ সলিল সমাধি ঘটা ঘটনাই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷

প্রাপ্ত তথ্য অনুসৰি দেওবাৰৰ দুপৰীয়া দুইমান বজাত ৰোজকান্দি চাহ বাগিচাৰ নতুন টিলাৰ সুনীল ৰবিদাসৰ শিশু কন্যা তন্দ্রামণি ৰবিদাস (১৪) আৰু পুত্র বিক্কি ৰবিদাস (১২) আৰু ৰবিয়া ৰবিদাসৰ ৮ বছৰীয়া শিশু পুত্র অজয় ৰবিদাসে পুখুৰীত গা ধুবলৈ গৈ পানীত ডুব যায়৷ কোনেও এই ঘটনা নেদেখা বাবে তিনি শিশুৰ পুখুৰীত ডুব গৈ মৃত্যু হয়৷ এনে মর্মান্তিক ঘটনাত ৰোজকান্দি চাহ বাগিচাত শোকৰ ছাঁ পৰে৷

জানিব পৰা মতে, বিয়লি তিনিমান বজাত শিশুকেইটাৰ মাক–দেউতাকে কাম–কাজ শেষ কৰি ঘৰলৈ অহাৰ পাছত সন্তান ঘৰত নথকাত চুবুৰিত খা–খবৰ লয়৷ পাছত নুৰুল মিঞাৰ পুখুৰীত দুই শিশুৰ শৱ ভাহি থকা দেখিবলৈ পায়৷ তন্দ্রামণি আৰু বিক্কিৰ মৃতদেহভাহি থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰা হয়৷ আনহাতে অজয়ৰ মৃতদেহ পানীৰ তলৰ পৰা উদ্ধাৰ কৰে স্থানীয় ৰাইজে৷ ঘটনাটোৱে সমগ্র অঞ্চলটোতে তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে৷

You might also like