নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ-পূবৰ ৩ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা জ্ঞাপন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

সুৰশ্ৰী শৰ্মাৰ প্ৰতিবেদন, ২১ জানুৱাৰীঃ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আজিৰ দিনটো এক বিশেষ দিন। কিয়নো আজিৰ দিনটোতে সাতভনী দেশৰ ৩খন ৰাজ্যই প্ৰতিষ্ঠা লাভ কৰিছিল। উল্লেখযোগ্য যে উত্তৰ-পূব অঞ্চল পুনৰ্গঠন আইন, ১৯৭১ৰ অধীনত ২১ জানুৱাৰীত ত্ৰিপুৰা, মণিপুৰ আৰু মেঘালয়ক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল। চলিত বৰ্ষত উত্তৰ-পূবৰ এই তিনিওখন ৰাজ্যই প্ৰতিষ্ঠাৰ ৫৩ বছৰত ভৰি দিলে। সেয়ে আজিৰ এই দিনটোত তিনিওখন ৰাজ্যই পৃথকে পৃথকে পালন কৰিব প্ৰতিষ্ঠা দিৱসৰ কেতবোৰ কাৰ্যসূচী। ইফালে উত্তৰ-পূবৰ এই গৌৰৱৰ মুহূৰ্তত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সামাজিক মাধ্যমযোগে তিনিওখন ৰাজ্যলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়- “মেঘালয়, ত্ৰিপুৰা আৰু মণিপুৰৰ বাসিন্দাসকলক ৰাজ্যৰ মৰ্যাদা দিৱসৰ শুভেচ্ছা জনালো। এই ৰাজ্যসমূহৰ উদ্যোগী লোকসকলে দেশৰ উন্নয়নত উল্লেখনীয় অৱদান আগবঢ়াইছে। শান্তিপূৰ্ণ আৰু সমৃদ্ধ ভৱিষ্যতৰ বাবে মই এই ৰাজ্যসমূহৰ বাসিন্দাসকলক শুভেচ্ছা জনাইছো। তেওঁলোকৰ বিবিধ সংস্কৃতি, জীৱন্ত পৰম্পৰা আৰু সমৃদ্ধ জৈৱ বৈচিত্ৰ্য বিকশিত হৈ থাকক।”

You might also like