গোষ্ঠীগত হিংসা-ৰ পিছত প্ৰথমবাৰলৈ মণিপুৰ ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী মোদী!
তেওঁ ইয়াত সম্পূৰ্ণ হৈ উঠা কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে নতুন উন্নয়নমূলক যোজনা ঘোষণা কৰিব বুলি আশা কৰা হৈছে।
গোষ্ঠীগত হিংসা-ৰ পিছত প্ৰথমবাৰলৈ মণিপুৰ ভ্ৰমণৰ সম্ভাৱনা প্ৰধানমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক জুলাই মাহত মণিপুৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। এই ভ্ৰমণ ২০২৩ চনৰ ৩ মে’ তাৰিখে আৰম্ভ হোৱা মেইতেই আৰু কুকি সম্প্ৰদায়ৰ মাজৰ সংঘটিত হিংসাত্মক সংঘাতৰ পিছত তেওঁৰ প্ৰথম আগমন হ’ব।
সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰীয়ে ইম্ফল আৰু চুৰাচান্দপুৰ ভ্ৰমণ কৰিব পাৰে। তেওঁ ইয়াত সম্পূৰ্ণ হৈ উঠা কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে নতুন উন্নয়নমূলক যোজনা ঘোষণা কৰিব বুলি আশা কৰা হৈছে।
ভ্ৰমণৰ অন্যতম মুখ্য অংশ হ’ব ইম্ফল পশ্চিম জিলাৰ নতুনকৈ নিৰ্মিত চিভিল চচাইডাৰিয়েটৰ উদ্বোধন। লগতে চুৰাচান্দপুৰত এখন হেলিপেড নিৰ্মাণ আৰু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সুবিধাৰ বাবে ৰাস্তাৰ মেৰামতিৰ কামো চলি আছে।
২০২৩ চনৰ মে’ মাহত আৰম্ভ হোৱা সাম্প্ৰদায়িক সংঘাতৰ পিছত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখন ভ্ৰমণ নকৰাৰ বাবে বিস্তৰ সমালোচনা হৈছিল। এই ভ্ৰমণৰ জৰিয়তে কেন্দ্ৰই ৰাজ্যখনত পুনৰ শান্তি আৰু পুনর্বাসনৰ পদক্ষেপ আৰম্ভ কৰাৰ সংকেত দিব পাৰে বুলি ৰাজনৈতিক পৰ্যবেক্ষকৰ মত।
তথাপি ভ্ৰমণৰ তাৰিখ আৰু কাৰ্যসূচী সন্দৰ্ভত এতিয়ালৈকে চৰকাৰৰ পৰা আনুষ্ঠানিক ঘোষণা হোৱা নাই।
Niyomiya Barta Desk, Date of published : 28 June, 2025