চৰ্চাত উত্তৰ-পূবৰ এখন সৰু ৰাজ্যঃ ছিকিমত নাই এজনৰো ক’ৰোনা সংক্ৰমণ
নিয়মীয়া বাৰ্তা, ১০ মে’ : সমগ্ৰ দেশেই ক’ৰোনাৰ বিৰুদ্ধে যুঁজ চলাই থকাৰ সময়তে উত্তৰ-পূবৰ এখন সৰু ৰাজ্যত এতিয়াও সংক্ৰমণ হোৱা নাই মহামাৰী ক’ৰোনাৰ । ক’ৰোনা প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে লকডাউন চলি থকাৰ মাজতে দেশৰ ভিতৰতে এনে এখন ৰাজ্য আছে য’ত ক’ৰোনা আক্ৰান্ত ৰোগী ওলোৱা নাই ।
এই ৰাজ্যখন হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ছিকিম । যাৰ বাবে সমগ্ৰ দেশৰ বাবে এক আদৰ্শস্বৰূপ হৈ পৰিছে ছিকিম ।
বিশেষকৈ এই সৰু ৰাজ্যখনে ক’ৰোনা প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা কেতবোৰ পদক্ষেপৰ বাবেই ক’ৰোনা বিৰুদ্ধে যুঁজখনত আজি মূৰ তুলি থিয় দিছে ।
উল্লেখ্য যে সমগ্ৰ দেশতে বৰ্তমান আক্ৰান্তৰ সংখ্যা ৬০ হাজাৰ অতিক্ৰম কৰিছে ।
ইপিনে ছিকিমক বাদ দি উত্তৰ-পূবৰ মেঘালয়, ত্ৰিপুৰা আৰু অসমত ক’ৰোনাৰ সংক্ৰমণ দৈনিক বৃদ্ধি পাবলৈ ধৰিছে । ইয়াৰে ত্ৰিপুৰাত সৰ্বাধিক ১৩২ জন লোকৰ শৰীৰত ক’ৰোনাৰ অৱস্থিতি পোৱা গৈছে ।