নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ মেইটেই উগ্রপন্থী সংগঠনক নিষিদ্ধ কেন্দ্রৰ

🔹 গোষ্ঠী সংঘর্ষজর্জৰ মণিপুৰক লৈ কঠোৰ সিদ্ধান্ত

বিশেষ বাৰ্তা, ১৪ নৱেম্বৰ : সংঘর্ষজর্জৰ মণিপুৰৰ মেইটেই উগ্রপন্থী সংগঠনৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ কালি গৃহ মন্ত্রালয়ৰ তৰফৰ পৰা গোষ্ঠীসংঘর্ষত আক্রান্ত উত্তৰ–পূবৰ ৰাজ্যখনৰ সাতটা উগ্রপন্থী সংগঠনক পাঁচ বছৰৰ কাৰণে নিষিদ্ধ ঘোষণা কৰা হৈছে৷ এই সংগঠনকেইটা হৈছে পিপল্ছ লিবাৰেচন আর্মী (পিএলএ) আৰু ইয়াৰ ৰাজনৈতিক শাখা ৰিভিউলুছনাৰী পিপ্লছ ফ্রণ্ট (আৰপিএফ), ইউনাইটেড নেচনেল লিবাৰেচন ফ্রণ্ট (ইউএনএলএফ) আৰু ইয়াৰ সশস্ত্র শাখা মণিপুৰ পিপ্লছ আর্মী (এমপিএ), পিপ্লছ ৰিভিউলুছনাৰী পার্টী অৱ কাংলিপক (পিআৰইপিএকে) আৰু ইয়াৰ সশস্ত্র ৰেড আর্মী (আৰএ), কাংলিপক কমিউনিষ্ট পার্টী (কেচিপি) আৰু ইয়াৰ সশস্ত্র শাখা, কাংলি য়াউ কানবা লুপ (কেৱাইকেএল), কো–অর্ডিনেচন কমিটী (চি’আৰচি’এম), এলায়েঞ্চ ফৰ ছ’চিয়েলিষ্ট ইউনিটী কাংলিপক (এএছইউকে) আৰু ইয়াৰ সকলো শাখা৷ উল্লেখনীয় যে বে–আইনী কাম–কাজ প্রতিৰোধ আইনৰ ৩নং ধাৰাৰ উপ–ধাৰা ৩ অনুসৰি  ৫ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰিছে এই সংগঠনবোৰক৷ মেইটেই উগ্রপন্থী গোট তথা ইয়াৰ সহযোগী সংগঠনসমূহে ৰাষ্ট্রবিৰোধী কাম–কাজ কৰাৰ উপৰি নিৰাপত্তা বাহিনীৰ ওপৰত বিভিন্ন সময়ত আক্রমণ চলাই অহা বুলি গৃহ মন্ত্রালয়ৰ পৰা প্রকাশিত বিবৃতিত উল্লেখ কৰা হৈছে৷ লক্ষণীয়ভাৱে পিএলএ, ইউএনএলএফ, পিআৰইপিএকে, কেচিপি, কেৱাইকেএলক কেইবাবছৰ পূর্বে নিষিদ্ধ সংগঠন বুলি ঘোষণা কৰিছিল কেন্দ্রীয় চৰকাৰে৷ বে–আইনী কাম–কাজ (প্রতিৰোধ) আইন ১৯৬৭ চনৰ অধীনত এই সংগঠনসমূহক নিষিদ্ধ ঘোষণা কৰা হৈছিল৷ এতিয়া পাঁচ বছৰলৈ পূর্বে নিষিদ্ধ সংগঠনসমূহৰ নিষেধাজ্ঞা বৃদ্ধি কৰা হৈছে৷ গৃহ মন্ত্রালয়ৰ বিবৃতিত এই কথাও সদৰী কৰা হৈছে যে শীঘ্রে মণিপুৰৰ মেইটেই উগ্রপন্থী সংগঠনবোৰক নিয়ন্ত্রণ কৰিবলৈ ব্যৱস্থা গ্রহণ নকৰিলে উত্তৰ–পূবৰ ৰাজ্যখনত ভৱিষ্যতে এই সংগঠনসমূহে সাংগঠনিক শক্তি বৃদ্ধি কৰি অস্থিৰতা সৃষ্টি কৰিব৷ বিচ্ছিন্নতাবাদী আৰু সন্ত্রাসবাদী কাম–কাজক মণিপুৰৰ এই সংগঠনসমূহে গুৰুত্ব প্রদান কৰি অহা বুলিও গৃহ মন্ত্রালয়ৰ বিবৃতিত সদৰী কৰা হৈছে৷ উল্লেখনীয় যে ভাৰতৰ সার্বভৌমত্ব আৰু ঐক্যৰ বিৰুদ্ধে বিভিন্ন সময়ত অপপ্রচাৰ চলাই অহাৰ লগতে কূটাঘাতমূলক কাম–কাজেৰে শান্তি আৰু সুস্থিৰতালৈ এই সংগঠনসমূহে বিপদ মাতি অনা বুলিও কেন্দ্রীয় চৰকাৰৰ শেহতীয়া জাননীত উল্লেখ কৰা হৈছে৷ বিগত কেইমাহমান পূর্বৰে পৰা মণিপুৰত অব্যাহত আছে গোষ্ঠীসংঘর্ষ৷ কুকি আৰু মেইটেই সম্প্রদায়ৰ এই সংঘর্ষত মূলতঃ উগ্রপন্থী সংগঠনসমূহে অৰিহণা যোগাই অহা বুলি যুক্তি দর্শাইছে কেন্দ্রীয় চৰকাৰে৷ এই সংগঠনসমূহৰ বাবে সাধাৰণ জনতাৰ মাজত সংঘর্ষ আৰু কূটাঘাত বিয়পি পৰা বুলিও গৃহ মন্ত্রালয়ৰ বিবৃতিত দাবী কৰা হৈছে৷ ইফালে, অবৈধ অস্ত্র–শস্ত্র বিদেশৰ পৰা সংগ্রহ কৰাৰ উপৰি জনসাধাৰণৰ পৰা বৃহৎ পৰিমাণৰ ধন ভয়–ভাবুকিৰে লুট কৰি আহিছে বুলি মেইটেই সংগঠনসমূহৰ বিৰুদ্ধে দীর্ঘদিনীয়া অভিযোগ থকাৰ কথা  পুনৰ উত্থাপন কৰা হৈছে৷ বে–আইনী কাম–কাজ আগবঢ়াই নিয়াৰ ক্ষেত্রত এই সংগঠনসমূহে আন্তর্জাতিক সীমান্তৰ সিপাৰৰ পৰা অবৈধভাৱে অস্ত্র সংগ্রহ কৰা বুলিও অভিযোগ অনা হৈছে৷ উত্তৰ–পূবৰ ৰাজ্যখনৰ ধাৰাবাহিক অশান্ত পৰিস্থিতিলৈ নজৰ ৰাখি এই উগ্রপন্থী সংগঠনসমূহক দমন কৰাৰ প্রয়োজন আহি পৰিছে বুলি গৃহ মন্ত্রালয়ৰ বিবৃতিত সদৰী কৰা হৈছে৷ বিদেশী সন্ত্রাসবাদী সংগঠনৰ সৈতে সম্পর্ক গঢ়ি তুলি নিজৰ শক্তি বৃদ্ধি কৰাৰ লগতে গৃহভূমি মণিপুৰত এই সংগঠনসমূহে কূটাঘাত চলাই আহিছে৷ বিশেষকৈ অসামৰিক লোক আৰু নিৰাপত্তা বাহিনীৰ ওপৰত আক্রমণ কৰি ৰাজ্যখনৰ আইন–শৃংখলা পৰিস্থিতিলৈ ভাবুকি কঢ়িয়াই অনা মেইটেই উগ্রপন্থী সংগঠনসমূহক দমন কৰাৰ বাবে এনে কঠোৰ সিদ্ধান্ত লোৱা বুলি গৃহ মন্ত্রালয়ৰ বিবৃতিটোত ঘোষণা কৰা হৈছে৷

You might also like