কাইলৈৰ পৰা নাগালেণ্ড ছুপাৰ লীগৰ প্লেঅফৰ মেচ
নিউজ ডেস্ক, ২৪ মাৰ্চঃ নাগালেণ্ডৰ শীৰ্ষ ফুটবল চেম্পিয়নশ্বিপ নাগালেণ্ড ছুপাৰ লীগৰ উদ্বোধনী ছিজনৰ কাইলৈ প্লে অফ। ৪২খন একচন ভৰ্তি মেচৰ অন্তত ৭টা দলৰ ভিতৰত ৪টা দলে কাইলৈ আৰম্ভ হ’বলগীয়া প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰিছে।
কোন এই ভিগনেশ, যি পালে ৰোহিত ইম্পেক্টৰ হৈ খেলাৰ সুযোগ
ফাইনেল ফোৰত প্ৰৱেশ কৰা দলসমূহৰ ভিতৰত আছে বৰাক এফ চি, লংটেৰক এফ চি, ইউনাইটেড এফ চি আৰু নাগালেণ্ড ইউনাইটেড স্প’ৰ্টছ ক্লাব। ইফালে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ উপদেষ্টা তথা নাগালেণ্ড অলিম্পিক এছ’চিয়েশ্যনৰ মহাসচিব আবু মেথাই প্ৰতিযোগিতাখনক বাস্তৱত পৰিণত কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰা এন এছ এলৰ শীৰ্ষ খেলুৱৈসকলৰ বাবে বৃত্তিৰ ক্ষেত্ৰত চৰকাৰে লোৱা সিদ্ধান্তৰ কথা ঘোষণা কৰে।