নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিজোৰামৰ ভূমিস্খলনত নগাঁৱৰ দুই শ্ৰমিক নিহত

বিশেষ বাৰ্তা, ২৩ নৱেম্বৰ : মিজোৰামত নিৰ্মীয়মাণ ৰেল লাইন নিৰ্মাণত নিয়োজিত হৈ থকা অসমৰ নগাঁৱৰ দুই শ্ৰমিকৰ কালি ভূমিস্খলনত মৃত্যু হয়। এক বিশেষ সুত্ৰে জানিব পৰা মতে অসম মিজোৰাম সীমান্তৰ কলাচিপ জিলাৰ নিৰ্মীয়মান কাউনপুই ৰেল ষ্টেচনত কৰ্মৰত অৱস্থাত ভূমিস্খলন হৈ দুই শ্ৰমিকৰ মৃত্যু হয় । নিহত শ্ৰমিকদ্বয়ক নগাঁৱৰ মাছাক নামৰ গাঁও এখনৰ দীপক দত্ত (২৭) আৰু দুৰ্গাপ্ৰসাদ পাচী (৫৩) বুলি চিনাক্ত কৰা হৈছে । নিহত শ্ৰমিক দুজনৰ মৃতদেহ তেওঁলোকৰ স্বগৃহলৈ প্ৰেৰণ কৰা হৈছে বুলি সুত্ৰটো পৰা গৈছে। শ্ৰমিক দুজনৰ মৃত্যুৰ লগে লগে ৰেল লাইন নিৰ্মাণৰত প্ৰকল্পস্থলীৰ সুৰক্ষা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

প্ৰেৰক কনক হাজৰিকা

You might also like