নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰানৰে চৰ্তহীন আলোচনালৈ সাজু আমেৰিকা

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ ইৰাকৰ ৰাজধানী বাগদাদৰ আন্তর্জাতিক বিমানবন্দৰত মার্কিন ড্রোন আক্রমণত ইৰানৰ শীর্ষ সেনা বিষয়া জেনেৰেল কাছেম ছোলেইমানী নিহত হোৱাৰ পিছতে হোৱাইট হাউছ আৰু তেহৰানৰ মাজত যুদ্ধৰ আতংক ঘনীভূত হৈছে৷ আনকি আমেৰিকাৰ এই আক্রমণৰ…

ইৰান-আমেৰিকাৰ যুদ্ধই সংকটত পেলাব ভাৰতক

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ ইৰান আৰু আমেৰিকাৰ মাজত এখন পূর্ণ পর্যায়ৰ যুদ্ধৰ সূচনা হ’লে ভয়াৱহ বিত্তীয় সংকটত পৰিব ভাৰত৷ বর্তমান ভাৰতৰ অর্থনীতিত চলি আছে মন্দাৱস্থা৷ অতি মন্থৰ হৈ পৰিছে অর্থনৈতিক বৃদ্ধিৰ হাৰ৷ এনে পৰিস্থিতিত ইৰান আৰু আমেৰিকাৰ…

আঠ কোটি জনসংখ্যাৰ চীনা প্ৰদেশ জিয়াংছুত মাত্ৰ ১৭জন দৰিদ্ৰ লোক

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ দৰিদ্রতা দূৰীকৰণৰ ক্ষেত্রত নজিৰবিহীন সফলতা লাভ কৰা বিশ্বৰ আটাইতকৈ জনবহুল দেশ চীনৰ এখন প্রদেশত মাত্র ১৭জন দাৰিদ্র্যপীড়িত লোক থকা বুলি তথ্য প্রকাশ পোৱাৰ পাছতে সৃষ্টি হৈছে তীব্র বিতর্ক৷ চৰকাৰৰ নতুন তথ্য অনুসৰি ৮০…

খেলো ইণ্ডিয়া য়ুথ গেমছৰ বিভিন্ন খেল আৰু স্থানসমূহৰ বিষয়ে জানো আহক-

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ’ব তৃতীয় সংস্কৰণৰ ‘খেলো ইণ্ডিয়া য়ুথ গেমছ’৷ দেশৰ সহস্রাধিক উদীয়মান খেলুৱৈৰ ক্রীড়া প্রতিভা উদ্ভাসিত হ’ব এই ‘খেলো ইণ্ডিয়া য়ুথ গেমছ’ত । য়ুথ গেমছৰ ইভেণ্ট আৰু ভেন্যুসমূহ চাও আঁহক-…

খেলো ইণ্ডিয়াৰ কাবাদী–জিমনাষ্টিকছ আৰম্ভ

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ দেশৰ যুৱপ্রজন্মক ক্রীড়াৰ মাধ্যমেৰে উন্নতিৰ শিখৰলৈ লৈ যোৱাৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে আৰম্ভ কৰা খেলো ইণ্ডিয়া য়ুথ গেমছ গুৱাহাটীত আজি আনুষ্ঠানিকভাৱে উদ্বোধন হ’ব যদিও প্রতিযোগিতাখনৰ কাবাদী আৰু জিমনাষ্টিকছ ইভেণ্টৰ…

তৃতীয় টি–২০ঃ পুনেত আজি শৃংখলা দখলৰ লক্ষ্য ভাৰতৰ

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ ইন্দোৰত চমকপ্রদ জয়েৰে উজ্জীৱিত হৈ থকা টীম ইণ্ডিয়াই আজি পুনেত শৃংখলা দখলৰ লক্ষ্যৰে শ্রীলংকাৰ বিৰুদ্ধে তৃতীয় তথা অন্তিম টি–২০ত খেলপথাৰত নামিব৷ প্রথম টি–২০ত শ্রীলংকাক সহজেই পৰাস্ত কৰা ঘৰুৱা দলটোৱে আজি কিছু…

ভেলাঘৰ সাজিবলৈ লওঁতেই বিপদ; বিদ্যুৎস্পৃষ্ট হ’ল যুৱক

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ভোগৰ উৎসৱ ভোগালীক লৈ যো–জা চলাই থকাৰ মাজতে শুকুৰবাৰে পুৱাই মহানগৰীৰ লালমাটিত সংঘটিত হ'ল এক অঘটন । মেজিৰ বাবে বাঁহ কাটিবলৈ যাওঁতেই বিদ্যুৎ স্পৃষ্ট হ'ল এজন যুৱক যুৱকজনৰ নাম…

মহানগৰীত বিহুৰ বজাৰত অভাৱনীয় মূল্যবৃদ্ধি

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনে মাঘ বিহুৰ উছাহ ম্লান কৰিলেও ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ভোগৰ উৎসৱ ভোগালী বিহুত লগে–ভাগে উৰুকাৰ নিশা এসাঁজ খোৱাৰ বাবে যো–জা চলাইছে মহানগৰবাসীয়ে৷ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা…

বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক পুনৰ গ্রেপ্তাৰ মহানগৰ অপৰাধ শাখাৰ

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাক বৃহস্পতিবাৰে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই পুনৰ বৰপেটাৰ কাৰাগাৰৰ পৰা গ্রেপ্তাৰ কৰে৷ মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তাই জানিবলৈ দিয়া মতে, শৃংখল চলিহাৰ বিৰুদ্ধে…

অসমৰ সাম্প্রতিক পৰিস্থিতিক লৈ দিল্লীত গুৰুত্বপূর্ণ আলোচনা

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ অসমত নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনক লৈ পৰিস্থিতি জটিল হৈ থকাৰ সময়তে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্ত, গড়কাপ্টানী মন্ত্রী তথা…