নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত দুটা পৃথক অভিযানত কৰায়ত্ব ড্ৰাগচ আৰু গো–সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ ধুবুৰী জিলাৰ দুটা পৃথক স্থানত চলোৱা দুটা পৃথক অভিযানত আৰক্ষীয়ে এজন ড্ৰাগচ সৰবৰাহকাৰীকে ধৰি বাংলাদেশলৈ গোপনো সৰবৰাহ কৰিবলৈ অনা ১১টা গৰু উদ্ধাৰ কৰাৰ ল’গতে এজন গো–সবৰাহকাৰীকো কৰায়ত্ব কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গোপন তথ্যৰ ভিত্তিত আজি আৰক্ষীয়ে ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী আয়ৰণজংলা তৃতীয় খণ্ড অঞ্চলত অভিযান চলাই ১০০টা নিচাযুক্ত নাইট্ৰ’চান আৰ (Nitrosun R) নামৰ নিচাযুক্ত টেৱলেট, ১৭০ টা খালী সৰু বটল আৰু নগদ ১৫ হাজাৰ টকাসহ এজন ড্ৰাগচ সৰবৰাহকাৰীক কৰায়ত্ব কৰিছে। ধৃত ড্ৰাগচ সৰবৰাহকাৰীজন অঞ্চলটোৰে মহিবুল ইছলাম বুলি প্ৰকাশ। আনহাতে যোৱাকালি নিশা ১টা মান বজাত ধুবুৰী জিলাৰ তামাহাট আৰক্ষী থানাৰ অন্তৰ্গত লোহাজানী পাৰঘাটত আৰক্ষীয়ে অভিযান চলাই বাংলাদেশলৈ গোপনে সৰবৰাহ কৰিবলৈ অনা ১১টাকৈ গৰু উদ্ধাৰ কৰাৰ উপৰিও দুখন নাওঁ জব্দ কৰা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ সেই অভিযানত কায়েম ভাচানী দ্বিতীয় খণ্ড অঞ্চলৰ বাসিন্দা নুৰুল আমিন নামৰ চোৰাং গো–সৰবৰাহকাৰীও কৰায়ত্ব হোৱা বুলি প্ৰকাশ।

You might also like