নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণত ৪০০ চাকৰি

ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণ(Airports Authority of India)ত খালী হৈছেJunior Executive (Air Traffic Control)ৰ ৪০০ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিমানবন্দৰ প্রাধিকৰণ কর্তৃপক্ষই এক বিস্তীর্ণ বিজ্ঞাপন ৰাষ্ট্রীয় সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰিJunior Executive (Air Traffic Control)ৰ মুঠ পদ ৪০০ৰ ভিতৰত অসংৰক্ষিত ১৬৩, অ’বিচিৰ ১০৮, এছ চিৰ ৫৯, এছ টিৰ ৩০ আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ৪০ পদ সংৰক্ষিত থাকিব৷Junior Executive (Air Traffic Control) পদৰ প্রার্থী পদার্থ বিজ্ঞান(Physics) আৰু গণিত(Mathematics) বিষয়সহB.Sc. উত্তীর্ণ হোৱা নাইবা পদার্থ বিজ্ঞান(Physics) আৰু গণিত(Mathematics) বিষয়সহEngineeringৰ স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷

আবেদনকাৰী ইংৰাজী ভাষাত দক্ষতা থকা হ’ব লাগিব৷IIT (Indian Institutes of Technology)/IIM (Indian Institutes of Management)/XLRI (Xavier School of Management)/TISS (Tata Institute of Social Sciences)ৰ পৰাB.E./B.Tech./B.Sc. (Engg.)ৰ ডিগ্রীধাৰী হোৱাটো বাঞ্ছনীয়৷ বয়স ১৪ জুলাই, ২০২২লৈ ২৭ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ নিযুক্তিপ্রাপ্তই মাহে ৪০,০০০–১,৪০,০০০ টকাসহ অন্যান্য সা–সুবিধা লাভ কৰিব৷ আবেদন মাচুল হিচাপে এছ চি, এছ টি আৰু মহিলা প্রার্থীয়ে ৮১ টকা ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণৰ হকে পৰিশোধ কৰাৰ বিপৰীতে অন্যান্য শ্রেণীৰ প্রার্থীয়ে ১০০০ টকা পৰিশোধ কৰিব লাগিব৷ অৱশ্যে দিব্যাংগ আৰু পূর্বে বিমানবন্দৰ প্রাধিকৰণৰ হকে শিক্ষা নবিচৰ প্রশিক্ষণপ্রাপ্ত প্রার্থীয়ে এই মাচুল পৰিশোধ কৰিব নালাগে৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ Airports Authority of Indiaৰ ৱেবছাইট www.aai.aero লগ–ইন কৰিব পাৰে৷ অনলাইন যোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১৪ জুলাই, ২০২২৷

You might also like