নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অইল ইণ্ডিয়াৰ ৱাকাথন

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ ইন্ধন সংৰক্ষণ, পৰিৱেশ সুৰক্ষা, সু–স্বাস্থ্যৰ বাবে খোজকঢ়াৰ প্রয়োজনীয়তা আদিক লৈ সজাগতা সৃষ্টিৰ লক্ষ্যৰে অইল ইণ্ডিয়া লিমিটেডে গুৱাহাটীত দেওবাৰে ‘সক্ষম’ ফিট ইণ্ডিয়া ৱাকাথনৰ আয়োজন কৰে৷ মহানগৰীৰ ভিন্ন প্রান্তৰ স্কুল–কলেজৰ ছাত্র–ছাত্রী আৰু যুৱক–যুৱতীয়ে এই ৱাকাথনত ভাগ লয়৷ নাৰেংগীস্থিত অইল ইণ্ডিয়া লিমিটেডৰ পাইপ লাইন মুখ্য কার্যালয়ৰ শাস্ত্রী ময়দানৰ পৰা আৰম্ভ কৰা ৱাকাথনৰ ফ্লেগ অফ কৰে প্রতিষ্ঠানটোৰ পাইপ লাইন সেৱাৰ কার্যবাহী সঞ্চালক সমীৰ কুমাৰ দাসে৷ অনুষ্ঠানত তেওঁ কয় যে অইল ইণ্ডিয়াৰ ৱাকাথনৰ জৰিয়তে তেওঁলোকে কেৱল এক সেউজ ধৰণীৰ বাবে জনসচেতনতা সৃষ্টি কৰাই নহয়, ই ফিট ইণ্ডিয়াৰ ধাৰণাটো প্রসাৰিত কৰিব৷

You might also like