নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জক’ভিচৰ দখলত অষ্ট্রেলিয়ান অ’পেনৰ খিতাপ

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ অষ্টমবাৰলৈ অষ্ট্রেলিয়ান অ’পেনৰ খিতাপ দখল কৰিলে ছার্বিয়াৰ তাৰকা খেলুৱৈ ন’ভাক জক’ভিচে৷ মেলব’ন পার্কত দেওবাৰে অনুষ্ঠিত বছৰটোৰ প্রথমটো গ্রেণ্ডশ্লাম অষ্ট্রেলিয়ান অ’পেনৰ পুৰুষ ছিংগলছৰ ফাইনেল মেচখনত বিশ্বৰ দ্বিতীয় বাছনিৰ জক’ভিচে কঠিন যুঁজৰ অন্তত ডমিনিক থিয়েমক ৬–৪, ৪–৬, ২–৬, ৬–৩, ৬–৪ ছেটত পৰাস্ত কৰি চেম্পিয়নৰ সন্মান অর্জন কৰে৷

এই জয়েৰে ছার্বিয়ান খেলুৱৈগৰাকীয়ে স্পেইনৰ তাৰকা খেলুৱৈ ৰাফেল নাডালৰ পৰা বিশ্ব ৰেংকিঙৰ পুৰুষ ছিংগলছৰ শীর্ষস্থানটো দখল কৰাটো নিশ্চিত হৈ পৰিল৷ চাৰি ঘণ্টাৰো অধিক সময় ধৰি চলা মেচখনৰ প্রথমটো ছেট দখল কৰি জক’ভিচে সুন্দৰ আৰম্ভণিৰ ইংগিত দিছিল যদিও পৰৱর্তী দুয়োটা ছেট ডমিনিকে দখল কৰি চাপত ৰাখে জক’ভিচক৷

অৱশ্যে চতুর্থটো ছেট দখল কৰি সমতা স্থাপন কৰা জক’ভিচে নির্ণায়ক ছেটটো নিজৰ দখলত ৰাখি শেষ হাঁহি মাৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে এতিয়ালৈকে ১৭টাকৈ গ্রেণ্ডশ্লাম দখল কৰি জক’ভিচে তৃতীয় স্থান অধিকাৰ কৰি আছে৷ ২০টা গ্রেণ্ডশ্লামেৰে ছুইজাৰলেণ্ডৰ ৰ’জাৰ ফেডেৰাৰে সর্বাধিক গ্রেণ্ডশ্লাম দখল কৰাৰ তালিকাত প্রথম স্থান দখল কৰি থকাৰ বিপৰীতে ১৯টা গ্রেণ্ডশ্লামেৰে স্পেইনৰ ৰাফেল নাডালে দ্বিতীয় স্থান অধিকাৰ কৰি আছে৷ ইফালে, তিনিটা ভিন্ন দশকৰ অ’পেন এৰাত গ্রেণ্ডশ্লামৰ খিতাপ দখল কৰা জক’ভিচ হ’ল প্রথমগৰাকী খেলুৱৈ৷

You might also like