নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অতীত স্মৃতি ৰোমণ্ঠনে নষ্টালজীক হৈ পৰিল সুৱৰ্ণ প্ৰভা বৰদলৈ বালিকা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীৰ সমাৰোহ

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিল: ১৯৭৭ত তিতাৰাম বৰদলৈ উচ্চ মাধ্যমিক বালিকা বিদ্যালয় নামেৰে আৰম্ভ হৈ ১৯৮৪ ত সুৱৰ্ণ প্ৰভা বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয় আৰু ১৯৯১চনত সুৱৰ্ণ প্ৰভা বৰদলৈ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় নামেৰে স্থায়ীভাৱে বৃহত্তৰ ঢেকিয়াজুলি অঞ্চলত স্থাপিত হোৱা স্ত্ৰী-শিক্ষাৰ একমাত্ৰ উচ্চশিক্ষাৰ অগ্ৰণী অনুষ্ঠানটিয়ে সময়ৰ জখলা বগাই সোণালী জয়ন্তী বৰ্ষৰ প্ৰাকক্ষণত উপনিত হৈছে।সেয়ে মহান শিক্ষানুষ্ঠান খনত ইতিমধ্যে স্কুলীয়া শিক্ষাৰ জীৱন সামৰি প্ৰাক্তন ছাত্ৰী সকলে স্ব-প্ৰতিভাৰে উদ্ভাষিতহৈ প্ৰাক্তন ছাত্ৰী, প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী সকলক একত্ৰিত কৰাৰ মানসেৰে আয়োজিত সুৱৰ্ণ প্ৰভা বৰদলৈ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীৰ সমাৰোহ আজি বিদ্যালয়ৰ প্ৰাংগণত উলহ মালহেৰে এদিনীয়া কাৰ্য সূচীৰে অনুষ্ঠিত হয়। বিদ্যালয় পৰিয়াল, স্থানীয় ৰাইজ, প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰা: ছাত্ৰীৰ উদ্যোগত অনুষ্ঠিত ছাত্ৰী সমাৰোহৰ পতাকা উত্তোলন কৰে ক্ৰমে অধ্যক্ষা ধৰিত্ৰী হাজৰিকা আৰু প্ৰাক্তন অধ্যক্ষ তথা উদযাপন সমিতিৰ সভাপতি ৰাজেন্দ্ৰ নাথ শইকীয়াই। বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যোগেশ চন্দ্ৰ দত্তই স্মৃতি তৰ্পণ শুভাৰম্ভ কৰা পিচতেই বৃক্ষৰোপণ কাৰ্য আৰম্ভ কৰে প্ৰাক্তন অধ্যক্ষা সাবিত্ৰী শইকীয়াই। পুৱা ১০বজাত অনুষ্ঠিত সমাৰোহৰ মুকলি সভা পৌৰহিত কৰে ৰাষ্ট্ৰীয় বঁটা প্ৰপক অৱসৰী প্ৰধান শিক্ষক অতুল চন্দ্ৰ বৰদলৈ য়ে। প্ৰাক্তন ছাত্ৰী পূৰৱী মহন্ত ই এটি বৰগীত পৰিৱেশনে শুভাৰম্ভ কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষয়িত্ৰী স্বৰ্গজ্যোতি চুতীয়াই। অনুষ্ঠানতেই প্ৰাক্তন ছাত্ৰী সকলৰ দ্বাৰা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ,অধ্যক্ষা,শিক্ষক, শিক্ষয়িত্ৰী, কৰ্মচাৰী প্ৰায় ২৫গৰাকীক আনুষ্ঠানিক ভাৱে গামোচা একোটিকৈ স্মাৰক প্ৰদানে উষ্ম সম্বৰ্ধনা জনায়। প্ৰাক্তন ছাত্ৰী মিনাক্ষী বৰদলৈ আৰু শিক্ষক মৃণাল শইকীয়াই আঁত ধৰা অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি ৰাজেন্দ্ৰ নাথ শইকীয়াই সভাপতিৰ ভাষণ, বিদ্যালয়ৰ অধ্যক্ষা ধৰিত্ৰী হাজৰিকাই ভাষণ প্ৰদান কৰাৰ লগতে বিশিষ্ট অতিথি হিচাপে শিশু সাহিত্য বঁটা প্ৰাপক তথা অধ্যাপিকা স্বামিম নাচৰিণে বক্তব্য প্ৰদান কৰে।বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা তিতাৰাম বৰদলৈ উ:মা:বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গীতুমণি বৰদলৈয়ে নিদিষ্ট বক্তাৰ ভাষণ আগবঢ়োৱা সভাত প্ৰাক্তন ছাত্ৰী সকলৰ সমৱেত গীতে ৰাইজক আপ্লুত কৰে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অসীম চন্দ্ৰ কাকতি, প্ৰাক্তন অধ্যক্ষ যোগেশ চন্দ্ৰ দত্ত,অধ্যক্ষা সাবিত্ৰী শইকীয়া,বুবুল চন্দ্ৰ বৰদলৈ,সমাজ কৰ্মী বিপনী চন্দ্ৰ কাকতি,ভোগেশ্বৰ শ ইকীয়া, প্ৰমুখ্যে বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা সভাত সমজুৱা একাষাৰ প্ৰদান কৰে প্ৰাক্তন ছাত্ৰী নীৰু ছাংমাই আৰু হেমন্ত মঙ্গল বৰদলৈয়ে। প্ৰাক্তন ছাত্ৰী ক্ৰমে শ্ৰীময়ী বৰদলৈৰ গীত পৰিৱেশন আৰু ঝাৰ্জিনা বেগমে কবিতা আবৃত্তি য়ে উপস্থিত দৰ্শকক মুগ্ধ কৰে। প্ৰাক্তন ছাত্ৰী সকলে বিদ্যালয়ৰ বাবে অধ্যক্ষাৰ হাতত বহুখিনি গ্ৰন্থ প্ৰদান কৰা অনুষ্ঠানৰ পিচতেই প্ৰাক্তন ছাত্ৰী সকলৰ অন্বৰঙ্গ আলাপ অনুষ্ঠান সঞ্চালনা কৰে প্ৰাক্তন ছাত্ৰী জোনামণি ফুকন বৰুৱাই। সন্ধ্যা প্ৰাক্তন ছাত্ৰী সকলৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট শিল্পী বিপনী চন্দ্ৰ কাকতিয়ে।

You might also like