অনিয়মীয়া বিদ্যুৎ সেৱাত অতিষ্ঠ আমচৈবাসী
নিয়মীয়া বাৰ্তা, ৮ জুলাইঃ নগাঁও জিলাৰ ৰহা বিদ্যুৎ সংমণ্ডলৰ অন্তর্গত আমচৈ অঞ্চলত বিগত প্রায় এমাহমান কাল অনিয়মীয়া বিদ্যুৎ যোগানে অতীষ্ঠ কৰি তুলিছে আমচৈবাসীক। অনিয়মীয়া বিদ্যুৎ যোগানৰ ফলত বিশেষকৈ বিপাঙত পৰিছে বিদ্যুতৰ ওপৰত নিৰ্ভৰ কৰি চলা ব্যৱসায়ীসকল আৰু সংবাদ সেৱাৰ লগত জড়িত ব্যক্তিসকল।
অনিয়মীয়া বিদ্যুৎ যোগানৰ বাবে আমচৈ অঞ্চলৰ পৰা সংবাদ সেৱাৰ লগত জড়িতসকলে সময়ৰ বাতৰি সময়মতে প্রেৰণ কৰিব পৰা নাই। কভিড -১৯ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে ঘোষণা কৰা নৈশ কাৰফিউৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ সন্ধিয়া ৭ বজাৰ লগে লগে বন্ধ কৰিবলগীয়া হয়। সেয়েহে দিনৰ ভাগত বিদ্যুৎ যোগান অব্যাহত থকাটো বিশেষ প্ৰয়োজন।
ৰহা বিদ্যুৎ সংমণ্ডলে এইক্ষেত্ৰত মনোযোগ নিদিলে ব্যৱসায়ীসকলে কেনেকৈ বিদ্যুতৰ বিল পৰিশোধ কৰিব বুলিও কিছু সংখ্যক আমচৈৰ ব্যৱসায়ীয়ে প্রশ্নৰ অৱতাৰণা কৰিছে। আমচৈ অঞ্চলৰ বিদ্যুতৰ গ্রাহক সকলে আমচৈ অঞ্চলত বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ বাবে দাবী জনাইছে ।