অসমত এজন বাংলাদেশী প্রৱেশ কৰিলেই ৪২ লাখসহ বিজেপি এৰিম
নিয়মীয়া বার্তা, ২৭ ডিচেম্বৰঃ ‘কা’বিৰোধী আন্দোলনত উজনি অসম উত্তাল হৈ থকাৰ সময়তে বৃহস্পতিবাৰে চাবুৱা বিধানসভা সমষ্টিত উপস্থিত হোৱা সভাপতি ৰঞ্জিত দাসক ক’লা পতাকা প্রদর্শন কৰিলে ‘কা’বিৰোধী প্রতিবাদকাৰীয়ে৷
উল্লেখ্য যে প্রতিবাদী আন্দোলনৰ নামত একাংশই সংঘটিত কৰা হিংসাত্মক কার্যকলাপত সর্বাধিক ক্ষতিগ্রস্ত হৈছে চাবুৱা সমষ্টি৷ আনকি চাবুৱাৰ বিজেপি বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহও একাংশ প্রতিবাদকাৰীয়ে ভস্মীভূত কৰিছে৷ বিধায়ক বিনোদ হাজৰিকাক সমবেদনা জ্ঞাপন কৰিবলৈ আৰু দলীয় সতীর্থক উদ্বুদ্ধ কৰিবলৈ চাবুৱাত উপস্থিত হোৱা সভাপতি ৰঞ্জিত দাস আৰু তেওঁৰ সতীর্থ বিধায়কসকলে সন্মুখীন হোৱা প্রতিবাদক কেন্দ্র কৰি বিশেষ প্রতিক্রিয়া সৃষ্টি হৈছে৷
অৱশ্যে ইয়াৰ মাজতো দলীয় কার্যকর্তাসকলক লৈ এখন সভা অনুষ্ঠিত কৰি সভাপতিগৰাকীৰ মন্তব্য– নাগৰিকত্ব সংশোধনী আইনে নির্ধাৰণ কৰি দিয়া ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পাছত অসমত এজনো বাংলাদেশীয়ে যদি প্রৱেশ কৰে, তেন্তে ৪২ লাখ কার্যকর্তাৰ সৈতে তেওঁ পদত্যাগ কৰিব৷
চাবুৱা সমষ্টিৰ বুথ সভাপতিসকল, নির্বাচিত পঞ্চায়ত সদস্যসকল, দলীয় কার্যকর্তাৰ লগতে কেইবাজনো বিধায়ক উপস্থিত থকা সভাত সভাপতি দাসে দুর্বৃত্তই বিনোদ হাজৰিকাৰ পৈতৃক গৃহটো জ্বলাই দিয়াৰ বাবে গভীৰ শোক প্রকাশ কৰি কয়– এনেধৰণৰ প্রতিবাদ গণতন্ত্রৰ পৰিপন্থী৷ কেৱল মাওবাদীয়েহে এনেধৰণৰ কার্যকলাপত লিপ্ত হ’ব পাৰে৷ ইয়াৰ বাবে দুর্বৃত্তই উচিত শাস্তি পাব লাগে৷ গণতান্ত্রিক আন্দোলনকাৰীক আমি সন্মান কৰোঁ৷ কিন্তু আন্দোলনৰ নামত হিংসাত্মক কার্য কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে৷