নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ প্ৰতিজন নিৱনুৱা যুৱক-যুৱতীক ক্ষমা খুজিব লাগেঃ অংকিতা দত্ত

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ ‘মুখ্যমন্ত্রীয়ে ক্ষমা খোজক অসমৰ যুৱক-যুৱতীৰ ওচৰত।’ ‘নিয়োগ মেলা’ৰ নামত অসমৰ যুৱক-যুৱতীক বিজেপি চৰকাৰৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলি মাজুলীৰ ৰাজপথত শনিবাৰে প্ৰতিবাদত বহিল কংগ্ৰেছৰ যুৱনেত্ৰী অংকিতা দত্ত৷ ৰাজনীতিৰ পথাৰত যুৱ প্ৰজন্মৰ এগৰাকী নেত্ৰী হিচাপে অংকিতাৰ দত্তই ইতিমধ্যে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ প্ৰয়াত ৰাজনীতিবিদ অঞ্জন দত্তৰ কন্যা অংকিতা দত্তই এইবাৰ নিয়োগ মেলাৰ নামত হোৱা বেমেজালিৰ বিৰুদ্ধে সৰব হৈ পৰা পৰিলক্ষিত হয় ৷ বৃহস্পতিবাৰে ২০খন ৰাজ্যৰ নিৱনুৱাসকলৰ বাবে চৰকাৰৰ উদ্যোগত আয়োজিত হৈছিল ‘নিয়োগ মেলা’৷ চৰম বিশৃংখলাৰ মাজেৰে অনুষ্ঠিত এই নিয়োগ মেলাত একাংশ ব্যক্তিগত কোম্পানীয়ে দিছিল চাকৰিৰ অফাৰ৷ কিন্তু যিবোৰ চাকৰি এই মেলালৈ লৈ অনা হৈছিল সেইবোৰৰ জৰিয়তে শিক্ষিত নিবনুৱাসকলক অপমান কৰাৰ অভিযোগ উস্থাপিত কৰিছে অংকিতা দত্তই ।

ৰাজ্যজুৰি এই কাণ্ডক লৈ প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে দুদিনীয়া ভ্ৰমণসূচী লৈ আজি পুৱা মাজুলীত উপস্থিত হয় যুৱ কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভানেত্রী অংকিতা দত্ত। মাজুলীত উপস্থিত হৈ অংকিতা দত্তই মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে। নেত্ৰীগৰাকীয়ে নিবনুৱাক সংস্থাপনত ব্যৰ্থ হোৱা চৰকাৰখনে নিয়োগ মেলাৰ নামত যুৱক-যুৱতীসকলৰ সপোনক ভৰিৰে মোহাৰি পেলোৱা বুলি অভিযোগ কৰে। বিএ, এম.এ উত্তীৰ্ণ যুৱক-যুৱতীক মেৰিগ’ল্ড বিস্কুট কোম্পানীত চাকৰি দিয়াৰ নামত নিয়োগ মেলা পতাটো হাস্যকৰ বুলি তেওঁ মত প্ৰকাশ কৰে। লক্ষাধিক নিবনুৱাক নিয়োগ মেলাৰ জৰিয়তে অপমানহে কৰা হ’ল বুলি অভিযোগ কৰি মুখ্যমন্ত্রীয়ে অসমৰ যুৱক-যুৱতীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনায় অংকিতা দত্তই।

উল্লেখ্য যে, এই বেমেজালিৰ বিৰুদ্ধে মাজুলী জিলা সদৰ গড়মূৰত যুৱ কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজপথত বহি অসমৰ যুৱক-যুৱতীক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগেৰে মাজুলী জিলা কংগ্ৰেছৰ উদ্যোগত কৰা এই প্ৰতিবাদত যুৱ কংগ্ৰেছৰ নেত্ৰী অংকিতা দত্তৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াইয়ো অংশগ্ৰহণ কৰে৷

You might also like