নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম কলেজ শিক্ষক সংস্থাৰ মহিলা অভিৱৰ্তনৰ স্মৃতিগ্ৰন্থৰ বাবে লেখাৰ আহ্বান

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰ: ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ সহযোগত এইবেলি অনুষ্ঠিত হ’বলগীয়া অসম কলেজ শিক্ষক সংস্থাৰ বেলিৰ মহিলা অভিৱৰ্তনখনিৰ সৈতে সংগতি ৰাখি এখনি স্মৃতিগ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উক্ত স্মৃতিগ্ৰন্থখনিত প্ৰকাশৰ বাবে আদৰণী সমিতিয়ে   বিভিন্ন শ্ৰেণীৰ প্ৰবন্ধ, নতুন শিক্ষা আঁচনি–২০২০ৰ ওপৰত যুগুতোৱা প্ৰবন্ধ, ভ্ৰমণ কাহিনী, ৰস ৰচনাৰ লগতে ধুবুৰী অঞ্চলৰ ঐতিহ্য, ইতিহাস, কৃষ্টি, সংস্কৃতি, শিক্ষাৰ আৰু অঞ্চলটোৰ মহিয়সী নাৰীৰ জীৱন গাঁথা শীৰ্ষক আদি বিভিন্ন লিখনি প্ৰদানৰ বাবে আহ্বান জনাইছে। ইচ্ছুকসকলে অসমীয়াত স্পষ্ট আখৰেৰে লিখি অথৱা ‘ৰামধেনু’ৰ ‘‘গীতাঞ্জলী’’ মুদ্ৰাক্ষৰ আৰু  ইংৰাজীত ‘‘মাইক্ৰ’চফ্ট’ৰ ‘‘নিউ টাইমছ’ মুদ্ৰাক্ষৰত টাইপ কৰি পঠিয়াব লাগিব। লিখনিবোৰ [email protected] ই–মেইলত অথবা ড৹ অলকা শৰ্মা , সহযোগী অধ্যাপিকা, অসমীয়া বিভাগ, ভোলানাথ মহাবিদ্যালয়,  ধুবুৰী, ডাক-বিদ্যাপাৰা, ডাক সূচাংক-৭৮৩৩২৪ ঠিকনালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে আয়োজকসকলে।

 

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like