ডিজিটেল ডেস্ক, ২৮ জুন : অভয়াপুৰীৰ চৌটাকী অঞ্চলত নিশা সংঘটিত এক চাঞ্চল্যকৰ ঘটনাত পুত্ৰৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ৫৭ বছৰীয়া নৰোত্তম নাথে। এই ঘটনাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে তেওঁৰ ২৪ বছৰীয়া পুত্ৰ কমল নাথক আটক কৰিছে।
মৃতকৰ পত্নী চম্পা নাথৰ অভিযোগ অনুসৰি, নৰোত্তম নাথে সুৰা সেৱন কৰি প্ৰতিদিনে পৰিয়ালৰ ওপৰত অত্যাচাৰ চলাই আহিছিল। সুৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদৰ ফলতেই এই ঘটনা সংঘটিত হোৱা বুলি তেওঁ দাবী কৰিছে।
অভিযোগ অনুসৰি, পিতৃৰ আচৰণত অতিষ্ঠ হৈ কমল নাথে কালি নিশা পিতৃ নৰোত্তম নাথক মাৰপিট কৰে। এই আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা নৰোত্তম নাথক ততাতৈয়াকৈ বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু হয়।
চম্পা নাথে আৰু জনোৱা মতে, পুত্ৰ কমল নাথে ইয়াৰ পূৰ্বেও একাধিকবাৰ পিতৃক মাৰপিট কৰিছিল। ঘটনাৰ খবৰ পাই আৰক্ষীৰ উচ্চপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উত্তৰ শালমাৰা আৰক্ষীয়ে অভিযুক্ত কমল নাথক আটক কৰি অধিক তদন্ত অব্যাহত ৰাখিছে।