নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৮ জুন : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৮ জুন, আহাৰ মাহৰ ১৩ তাৰিখ
দেওবাৰ : তিথি–শুক্লা চতুর্দশী, নক্ষত্র : জ্যেষ্ঠা, যাত্রা : নাই

মেষ : আজি কর্মক্ষেত্রত দায়িত্ব বৃদ্ধি পাব৷ মনত এলাহ বৃদ্ধি৷ সন্তানৰ পৰা সুখ প্রাপ্তি৷ বিদ্যাত শুভ৷ চলা–ফুৰাত সতর্ক হওক৷ প্রেমত আনন্দ লাভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৬৷

বৃষ : আজি নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব৷ পাৰিবাৰিক কিছু সমস্যা থাকিব যদিও সমাধান হ’ব৷ সম্পত্তি প্রাপ্তিৰ যোগ৷ বন্ধুৰ পৰা সহায় লাভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷

মিথুন : আজি নতুন কর্মৰ সফলতা লাভ৷ ভ্রমণৰ যোগ৷ সাহিত্য–সংস্কৃতিত সুনাম অর্জন কৰিব পাৰিব৷ বিদ্যাত বাধা৷ ব্যৱসায়–বাণিজ্যত উন্নতিৰ যোগ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷

কর্কট : আজি সৎ সংগ লাভ কৰিব৷ যান–বাহনৰ পৰা সাৱধান৷ আদর্শবাদী চিন্তাধাৰা বৃদ্ধি পাব৷ নিকটজনৰ পৰা সু–সংবাদ লাভ কৰিব৷ ব্যৱসায়ত মধ্যম ফল৷ শুভ ৰং গাঢ় ৰঙা, শুভ সংখ্যা ৪৷

সিংহ : আজি কর্মক্ষেত্রত সফলতা অর্জন কৰিব৷ বিদ্যার্থীসকলৰ শুভ৷ পাৰিবাৰিক দিশত শান্তি বজাই থাকিব৷ টকা–পইচাৰ লেনদেন নিজ হাতে কৰিব৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷

কন্যা : আজি পুৰণি বন্ধু–বান্ধৱীক লগ পাব পাৰে৷ আত্মীয়ৰ পৰা সাৱধান৷ খৰচৰ মাত্রা বাঢ়িব৷ বিদ্যাত উন্নতি৷ ঘৰুৱা দিশত কিছু চিন্তা থাকিব৷ প্রেমত সন্দেহ৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷

তুলা : আজি আর্থিক দিশত সফলতা লাভ৷ হঠাৎ ভ্রমণৰ যোগ৷ গৃহ নির্মাণৰ সম্ভাৱনা দেখা যায়৷ আত্মীয়ৰ কাৰণে ক্ষতিগ্রস্ত হ’ব পাৰে৷ মূৰৰ বিষত কষ্ট পাব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ১৷

বৃশ্চিক : আজি সচেতনতা বৃদ্ধি পাব৷ শৰীৰ ভালে যাব৷ বিদ্যার্থীসকলে সুযোগ–সুবিধা লাভ কৰিব৷ মানসিক সুখ লাভ৷ ব্যৱসায়ত সমস্যাৰ সমাধান হ’ব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৮৷

ধনু : আনৰ পৰা প্রেৰণা লাভ কৰিব৷ স্বাস্থ্যৰ প্রতি সতর্ক হওক৷ আর্থিক দিশত উন্নতি৷ দাম্পত্যত শুভ৷ পুৰণি কোনো সমস্যা সমাধান হ’ব৷ প্রেমত ভুল বুজাবুজি৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৭৷

মকৰ : আজি নতুন পৰিকল্পনা হ’ব৷ যান–বাহন ক্রয়ৰ যোগ৷ হাতলৈ ধন আহিব৷ সন্তানৰ শুভ। কর্মৰ ফলত মান–সন্মান লাভ৷ বিদ্যার্থীৰ ভ্রমণৰ যোগ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪৷

কুম্ভ : আজি বন্ধুৰ পৰা সহায় লাভ কৰিব৷ বিবাহৰ যোগাযোগত শুভ৷ পুৰণি ৰোগে আমনি কৰিব পাৰে৷ ব্যৱসায়ত বাধা৷ প্রেমত উৎসাহ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷

মীন : আজি মন প্রফুল্ল থাকিব৷ গৃহত মাংগলিক কার্য সিদ্ধি হ’ব৷ সৰু–সুৰা কথাক লৈ ঘৰুৱা অশান্তি হ’ব পাৰে৷ ব্যৱসায়ত সফলতা লাভ৷ শুভ ৰং ৰূপালী, শুভ সংখ্যা ৫৷

You might also like