নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম কুর্মী সমাজৰ ৰাজ্যিক অধিৱেশনৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্রী সোণোৱাল

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ ‘ৰাজ্যৰ সকলো জাতি–জনগোষ্ঠীৰ সমবিকাশ আৰু কল্যাণৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ৷ সকলো শ্রেণীৰ জনসাধাৰণক আগুৱাই নিয়াৰ নিমিত্তে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ নীতিৰ আধাৰত বর্তমানৰ চৰকাৰখনে কাম কৰি আহিছে৷’– এই মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷

ওৰাঙৰ কুচিয়া মাহাতো সমন্বয় ক্ষেত্রত অনুষ্ঠিত অসম কুর্মী সমাজৰ ২১সংখ্যক ত্রি–বার্ষিক ৰাজ্যিক অধিৱেশনত ভাষণ আগবঢ়াই মুখ্যমন্ত্রী সোণোৱালে দেওবাৰে এই কথা প্রকাশ কৰে৷ তেওঁ কয় যে অসমৰ কুর্মী সমাজ শৃংখলাবদ্ধ, পৰিশ্রমী আৰু কষ্টসহিষ্ণু৷ কুর্মী সমাজে ৰাজ্যখনৰ আর্থ–সামাজিক উন্নয়নৰ দিশত গুৰুত্বপূর্ণ অৰিহণা যোগাই আহিছে৷ কুর্মী জনসাধাৰণ সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিকভাৱে আগবাঢ়ি চাহ জনজাতি সম্প্রদায়ৰ মাজত এক উদাহৰণ হিচাপে নিজকে প্রতিষ্ঠিত কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উৎসর্গিত মনোভাব আৰু কঠোৰ পৰিশ্রমৰ জৰিয়তে দেশবাসীৰ সন্মুখত আদর্শ দাঙি ধৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে কঠোৰ পৰিশ্রমৰ জৰিয়তেহে আমি সফলতা আহৰণ কৰিব পাৰিম৷ চাহ জনজাতিৰ লোকসকলৰ উন্নয়নক ৰাজ্য চৰকাৰে অগ্রাধিকাৰ দি আহিছে বুলি তেওঁ লগতে প্রকাশ কৰে৷

উল্লেখ্য যে যোৱা ৩১ জানুৱাৰীৰ পৰা তিনিদিনীয়া কার্যসূচীৰে আয়োজিত অসম কুর্মী সমাজৰ কালিৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্রীৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰিহণ দৈমাৰী, সাংসদ পল্লৱলোচন দাস, বিধায়ক কমলী বসুমতাৰী আৰু চৰণ বড়ো, অসম কুর্মী সমাজৰ অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল৷

You might also like