নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম মিঞা পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক আব্দুল বাতেন সেখক আটক

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ: অসম মিঞা (অসমীয়া) পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক আব্দুল বাতেনক আজি নিশা ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত আলমগঞ্জৰ পৰা আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে। গোৱালপাৰা জিলাৰ লক্ষীপুৰত সম্প্ৰতি সংগঠনটোৰ উদ্যোগত মুকলি হোৱা মিঞা সংগ্ৰালয়ৰ ঘটনাৰ বাবে তেখেতক আটক কৰা হৈছে নে অইন কোনো কাৰণত সেয়া জানিব পৰা যোৱা নাই। সম্পূৰ্ণ ঘটনা সন্দৰ্ভে সৱিশেষ জানিবলৈ ধুবুৰী আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ বিষয়াৰ সৈতে মোবাইল যোগে যোগাযোগ কৰা হৈছিল যদিও কোনো এগৰাকীয়ে প্ৰত্যুত্বৰ দিয়া নাই। অৱশ্যে এক সূত্ৰই সদৰি কৰা মতে, ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক বাতেনক ইতিমধ্যে গুৱাহাটীৰ পৰা আগত এটা বিশেষ দলক গতাই দিছে ধুবুৰী আৰক্ষীয়ে। উল্লেখনীয় যে, চাকৰিজীৱনতো মিঞা পৰিষদৰ সাংগঠনিক কাম–কাজ আৰু বিভিন্ন সভা–সমিতিত সক্ৰিয়ৰূপে অংশ লোৱা পোৱা গৈছিল তেখেতক।

You might also like