নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগীবিল দলঙত  ভয়ংকৰ পথ  দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ:  আজি পুৱা প্ৰায় ১০ বজাত ধেমাজি-ডিব্ৰুগড় সংযোগী বগীবিল দলঙত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । প্ৰাপ্ত তথ্য অনুসৰি দুখন গাড়ীৰ মুখামুখি সংঘৰ্ষ হোৱাৰ সমান্তৰাল ভাৱে এখন বাইকো  এই সংঘৰ্ষৰ মাজত সোমাই পৰে । ফলশ্ৰুতিত AR 0 1 H1975 নম্বৰৰ PAJERO নম্বৰৰ গাড়ীখন  চুচৰি গৈ চকা ওপৰলৈ বাগৰি পৰে দলংখনৰ ওপৰতে । ইফালে বাইক আৰোহী জনো বাইকখনৰ সৈতে চিটিকি পৰে দলঙত ।

উল্লেখযোগ্য যে কথমপিহে দলঙৰ তলত গৈ ব্ৰহ্মপুত্ৰৰ বুকুত  নপৰেগৈ গাড়ী আৰু বাইক খন । জানিব পৰা মতে, ডিব্ৰুগড়ৰ  দিশৰ পৰা চিলাপথাৰ অভিমুখে আহি  থকা AR01H/1975 নম্বৰ বগা ৰঙৰ পিজাৰিঅ ষ্পৰ্টচ বাহন আৰু চিলাপথাৰ দিশৰ পৰা যোৱা AR01J/9465 নম্বৰৰ বগা হোন্দা ক্ৰীয়েটা বাহন দুখনৰ  মাজত মুখামুখি সংঘৰ্ষৰৰ ফলত বগীবিল দলঙৰ ২৯ নম্বৰ খুটাৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। ইপিনে হোন্দা ক্ৰীয়েটা বাহনখনৰ পিছে পিছে ডিব্ৰুগড়ৰ অভিমুখে মাছ কঢ়িয়াই নিয়া এজন মাছ ব্যৱসায়ীয়ে নিজৰ AS-22 E- 3120 নম্বৰযুক্ত মটৰচাইকেলখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি যোৱা বাহনখনৰ ওপৰত প্ৰচণ্ডভাৱে খুন্দিয়াই বহু দুৰলৈকে চিটিকি পৰে আৰু গুৰুত্ব ভাবে আহত হয়।

ভয়ংকৰ দুৰ্ঘটনাৰ ফলত মটৰচাইকেল আৰোহী আৰু হোন্দা ক্ৰিয়েটাখনৰ চালক অতি গুৰুত্বৰভাৱে আঘতপ্ৰাপ্ত হয়। দুৰ্ঘটনাস্হলীত আৰক্ষী উপস্থিত হৈ আহত দুয়োগৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে। দুৰ্ঘটনাত বৰ্তমানলৈকে  কোনো লোক নিহত হোৱা নাই যদিও গুৰুত্ব ভাৱে আঘাত প্ৰাপ্ত হৈছে । দুৰ্ঘটনাৰ ফলত বহু সময় ধৰি বগীবিল দলঙৰ দুয়োকাষে শ শ যান বাহন আবদ্ধ হৈ পৰে।

You might also like