নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অসম ৰাইফলছৰ সঞ্চালক প্ৰধান প্ৰদীপ চন্দ্ৰন নায়াৰে ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিলে এ ভি এছ এম পদক

নিয়মীয়া বাৰ্তা ,২৩ নৱেম্বৰ : ভাৰতীয় সেনাত এজন দক্ষ সেনা বিষয়া হিচাপে পৰিচিত , অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল প্ৰদীপ চন্দ্ৰন নায়াৰলৈ এইবেলি আগবঢ়োৱা হৈছে ভাৰতীয় সেনাৰ অতি সন্মানীয় হিচাপে পৰিচিত অতি বিশিষ্ট সেৱা মেডেল ( এ ভি এছ এম) । ২২ নৱেম্বৰত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদীপ চন্দ্ৰন নায়াৰে ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দৰ পৰা এই বঁটা গ্ৰহণ কৰে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে নায়াৰে যুদ্ধ সেৱা মেডেল পদকৰে সন্মানিত হোৱাৰ উপৰি নাগালেণ্ডৰ অসম ৰাইফলছৰ ( উত্তৰ ) কাৰ্যালয়ত তেওঁ মহা পৰিদর্শক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । অসম , মণিপুৰ , নাগালেণ্ডকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলত কাম কৰাৰ অভিজ্ঞতা থকা নায়াৰে ভাৰতীয় সেনাৰ মুৰব্বীৰ পৰাও প্ৰশংসা পৰাও লাভ কৰিছিল ।

You might also like