নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৰুণ গগৈৰ প্ৰতিচ্ছবি আগত ৰাখি ৰাইজৰ সেৱা কৰি যাম’ -বিধায়ক ভাস্কৰ বৰুৱা

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰ : অসমৰ ৰাজনৈতিক জগতৰ ভোটা তৰা, একেৰাহে তিনিটাকৈ কাৰ্যকাল অসমৰ মুখ্যমন্ত্ৰী, পদ্মভূষন সন্মানেৰে বিভূষিত তৰুণ গগৈয়ে এটা বছৰ পূৰ্বে আজিৰ দিনটোতেই ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল। এইজন মহান মনিষীৰ স্মৃতি আজিও উজ্জীৱিত হৈ আছে তিতাবৰৰ লগতে সমগ্ৰ ৰাজ্যবাসীৰ হৃদয়ত।

আজি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে জন্মস্থান তিতাবৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় স্মৃতিচাৰণ অনুষ্ঠান। তিতাবৰ ব্লক কংগ্ৰেছৰ উদ্যোগত ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এই স্মৃতিচাৰণ অনুষ্ঠানত পুৱা বন্তি প্ৰজ্বলন, সামূহিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু নাম প্ৰসংগ আদি অনুষ্ঠিত হয়।

আজি স্মৃতিচাৰণ অনুষ্ঠান কাৰ্যসূচীত তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা উপস্থিত থাকি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক সুৱৰি সংবাদ মাধ্যমৰ আগত কয়- ”প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰতিচ্ছবি আগত ৰাখি সত্য আৰু নিষ্ঠাৰে আমি অসমৰ সেৱা কৰিবৰ বাবে আগবাঢ়ি যাম। সেই উদ্দেশ্যে আজি সমগ্ৰ অসমতে তেখেতৰ মৃত্যু বাৰ্ষিকী পালন কৰা হৈছে। আৰু অনাগত সময়তো আমি পদ্মভূষন সন্মানেৰে বিভূষিত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰি যাম। তেখেতৰ যিখিনি আধৰুৱা কৰ্ম আমাৰ তিতাবৰ সমষ্টিৰ বাবে থাকি গ’ল সেইখিনি সম্পূৰ্ণ কৰিবৰলৈ মই যৎপৰোনাষ্টি চেষ্টা কৰিম। আজি মই তিতাবৰ সমষ্টিৰ পৰা তৰুণ গগৈৰ উত্তৰসুৰী হিচাপে নিৰ্বাচিত হৈ নিজক বহু সৌভাগ্যবান অনুভৱ কৰিছোঁ। কিয়নো তিতাবৰ সমষ্টিত যথেষ্ট কাম ইতিমধ্যে হৈ আছে আৰু বাকী থকা কামবোৰ মই মোৰ সময়চোৱাত সম্পূৰ্ণ কৰিব পাৰিম বুলি ভাবিছোঁ। সেয়ে মই নতুন চিন্তাধাৰাৰে তিতাবৰৰ উন্নয়ণৰ বাবে কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ।”

আজিৰ কাৰ্যসূচীত তিতাবৰ ব্লক কংগ্ৰেছৰ বিষয় ববীয়া, সমষ্টিৰ বহু সংখ্যক কংগ্ৰেছ কৰ্মী আৰু সচেতন ৰাইজ, গুণমুগ্ধই আদিয়ে অংশগ্ৰহণ কৰে।

প্ৰেৰকঃ অজয় শইকীয়া, নগাবাট

You might also like